চীন সীমান্তত থলুৱা আকাশ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা পৰীক্ষা কৰি ভাৰতৰ শক্তি প্ৰদৰ্শন
- অপাৰেচন সিন্দুৰৰ সময়ত নিষ্ক্ৰিয় কৰা হৈছিল চীনৰ বিমান আৰু তুৰ্কীৰ ড্ৰোনৰ বিমান আক্ৰমণ নতুন দিল্লী, ১৬ জুলাই (হি.স.)। অপাৰেচন সিন্দুৰৰ সময়ত চীনৰ বিমান আৰু তুৰ্কীৰ ড্ৰ’নৰ আকাশী আক্ৰমণ নিষ্ক্ৰিয় কৰা থলুৱাভাৱে নিৰ্মিত আকাশ এয়াৰ ডিফেন্স চিষ্টেম বু
চীন সীমান্তত থলুৱা আকাশ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা পৰীক্ষা কৰি ভাৰতৰ শক্তি প্ৰদৰ্শন


- অপাৰেচন সিন্দুৰৰ সময়ত নিষ্ক্ৰিয় কৰা হৈছিল চীনৰ বিমান আৰু তুৰ্কীৰ ড্ৰোনৰ বিমান আক্ৰমণ

নতুন দিল্লী, ১৬ জুলাই (হি.স.)। অপাৰেচন সিন্দুৰৰ সময়ত চীনৰ বিমান আৰু তুৰ্কীৰ ড্ৰ’নৰ আকাশী আক্ৰমণ নিষ্ক্ৰিয় কৰা থলুৱাভাৱে নিৰ্মিত আকাশ এয়াৰ ডিফেন্স চিষ্টেম বুধবাৰে লাডাখ খণ্ডত ১৫ হাজাৰ ফুটতকৈও অধিক উচ্চতাত ভাৰতীয় সেনাই পৰীক্ষণ কৰে। ভাৰতীয় বায়ুসেনাই কেইমিনিটমানৰ ভিতৰতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এলএচি) শত্ৰুৰ বিমান ধ্বংস কৰিব পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। পৰীক্ষাৰ সময়ত এই কথা মনত ৰখা হৈছিল যে যিকোনো ক্ষেত্ৰতে শত্ৰুৰ বিমানে যদি ভাৰতীয় বিমান সীমান্ত উলংঘা কৰে তেন্তে সকলো পৰিস্থিতিতেই সেইবোৰক ভূপাতিত কৰি পেলাব লাগে।

ডি আৰ ডি অ’ নিৰ্মিত এই ব্যৱস্থাই ৩০ কিলোমিটাৰ পূৰ্বেই শত্ৰুৰ যুদ্ধ বিমান ধৰা পেলাই ধ্বংস কৰিব পাৰে। আকাশ হৈছে মধ্যম দূৰত্বৰ এয়াৰ টু এয়াৰ মিছাইল। ইয়াক ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেচন, ভাৰত ডাইনামিক্স আৰু ভাৰত ইলেক্ট্ৰনিক্সে প্ৰস্তুত কৰিছে। চীনৰ সৈতে উত্তেজনা আৰম্ভ হোৱাৰ পৰাই ভাৰতে পূব লাডাখ সীমান্তত থলুৱাভাৱে নিৰ্মিত আকাশ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা মোতায়েন কৰি আহিছে। ভাৰতৰ থলুৱা আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থাই ৪.৫ কিলোমিটাৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। ১০০ মিটাৰৰ পৰা ২০ কিলোমিটাৰ উচ্চতাৰ পৰা আকাশৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিব পাৰে। ইয়াত এটা কমাণ্ড গাইডেন্স চিষ্টেম ব্যৱহাৰ কৰা হয়। এই ব্যৱস্থাই হেলিকপ্টাৰ, যুদ্ধ বিমান আৰু মানৱবিহীন বিমানক লক্ষ্য কৰি ল’ব পাৰে।

ডি আৰ ডি অ’ৰ মতে, যুদ্ধ বিমান, ক্ৰুজ মিছাইল আৰু বায়ুৰ পৰা ভূমি (এয়াৰ টু ছাৰ্ফেচ) মিছাইলৰ লগতে বেলিষ্টিক মিছাইলৰ দৰে আকাশী লক্ষ্য নিষ্ক্ৰিয় কৰাৰ ক্ষমতা আছে। ই ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাৰ সৈতে অপাৰেচনেল সেৱাত আছে। আজি সেনা বায়ু প্ৰতিৰক্ষাই ডি আৰ ডি অ’ৰ জ্যেষ্ঠ বিষয়াৰ সহযোগত লাডাখ খণ্ডত ১৫ হাজাৰ ফুটতকৈ অধিক উচ্চতাত পৰীক্ষা চলায়। ইয়াৰ সময়ত পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰই উচ্চ উচ্চতাৰ অঞ্চলত অতি বেছি বেগেৰে গতি কৰা লক্ষ্য বিমানত দুটা প্ৰত্যক্ষ আঘাত কৰিছিল। লঞ্চ প্লেটফৰ্ম চকা আৰু ট্ৰেকযুক্ত দুয়োবিধ বাহনৰ সৈতে সংযুক্ত হোৱাৰ বিপৰীতে আকাশ ব্যৱস্থাটো মূলতঃ বায়ু প্ৰতিৰক্ষা (পৃষ্ঠৰ পৰা আকাশলৈ) হিচাপে ডিজাইন কৰা হৈছে। ইয়াৰ লগতে ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষাৰ ভূমিকাতো পৰীক্ষা কৰা হৈছে।

আকাশ প্ৰাইম ব্যৱস্থাই ভাৰতীয় সেনাবাহিনীত আকাশ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ তৃতীয় আৰু চতুৰ্থ ৰেজিমেণ্ট গঠন কৰিব। অপাৰেচন সিন্দুৰৰ সময়ত চীনৰ বিমান আৰু তুৰ্কীৰ ড্ৰোন ব্যৱহাৰ কৰি পাকিস্তানী সেনাৰ বিমান আক্ৰমণ বিফল কৰাৰ ক্ষেত্ৰতো এই ব্যৱস্থাই অতি উত্তম প্ৰদৰ্শন আগবঢ়াইছিল। আকাশ ক্ষেপণাস্ত্ৰৰ এটা বেটাৰীত তিনিটাকৈ ক্ষেপণাস্ত্ৰৰে চাৰিটা লঞ্চাৰ থাকে, যিবোৰ আন্তঃসংযোগী। প্ৰতিটো বেটাৰীয়ে ৬৪টা লক্ষ্য অনুসৰণ কৰিব পাৰে আৰু ইয়াৰে ১২টালৈকে আক্ৰমণ কৰিব পাৰে। আকাশ ব্যৱস্থাটো সম্পূৰ্ণ চলন্ত আৰু চলন্ত বাহনৰ কনভয়ক সুৰক্ষা দিবলৈ সক্ষম।

ভাৰতৰ আকাশ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাই অপাৰেচন সিন্দুৰৰ সময়ত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। এই ব্যৱস্থাই চীনৰ পৰা শেহতীয়াকৈ পাকিস্তানে লাভ কৰা এইচকিউ-৯ প্ৰতিৰক্ষা ব্যৱস্থাটোৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছে। ভাৰতৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ সন্মুখত চীনৰ বায়ু প্ৰতিৰক্ষা অসহায় যেন দেখা গ’ল। ভাৰতে নিজৰ লক্ষ্যত সহজে আঘাত কৰিছিল যদিও আকাশ ব্যৱস্থাই আকাশৰ মাজত শত্ৰুৰ আক্ৰমণক বাধা দিছিল। তুৰ্কীৰ ড্ৰ’নৰ বিমান আক্ৰমণকো নিষ্ক্ৰিয় কৰিব পৰা থলুৱাভাৱে নিৰ্মিত আকাশ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ কাম-কাজ দেখি বহু দেশে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি প্ৰচেষ্টাত ব্যাঘাত জন্মাই ব্ৰাজিলে বৰ্তমান আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থা অধিগ্ৰহণৰ বাবে আলোচনা বন্ধ কৰি দিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande