নতুন দিল্লী, ১৬ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ ২০২৫ৰ আৱেদন দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাই হিচাপে ৰখা হৈছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ (পিএমআৰবিপি) ২০২৫ বঁটাৰ বাবে মনোনয়ন পত্ৰ ১ এপ্ৰিল ২০২৫ৰ পৰা আৰম্ভ হৈছে। ইয়াৰ বাবে আৱেদন অনলাইন পৰ্টেল https://awards.gov.in ৰ জৰিয়তে কৰিব লাগিব।
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে বুধবাৰে এক বিবৃতিত প্ৰকাশ কৰি কয় যে ক্ৰীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তি, পৰিৱেশ, কলা-সংস্কৃতিৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা ৫ৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলৰ অসাধাৰণ কৃতিত্ব উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰ এক অনন্য সন্মান। যিসকল শিশুৱে কঠিন পৰিস্থিতিত অসাধাৰণ সাহস দেখুৱাইছে তেওঁলোককো এই বঁটা প্ৰদান কৰা হয়।
যিকোনো নাগৰিক, বিদ্যালয়, প্ৰতিষ্ঠান বা সংগঠনে নিজৰ যোগ্য প্ৰাৰ্থীক মনোনীত কৰিব পাৰে। শিশুসকলেও স্ব-মনোনয়নৰ জৰিয়তে আবেদন কৰিব পাৰিব।
আবেদন প্ৰক্ৰিয়া সন্দৰ্ভত মন্ত্ৰালয়ে কয় যে ব্যক্তিগত তথ্য আৰু বঁটাৰ শ্ৰেণী পূৰণ কৰি তাৰ পিছত শেহতীয়া ফটো আৰু সমৰ্থনকাৰী নথি আপলোড কৰিব লাগিব। লগতে এই কৃতিত্ব আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে এটা লেখা (৫০০ শব্দলৈকে) জমা দিব লাগিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া