গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত আৰক্ষীৰ শূন্য় লৈ গুলীচালনা, এজন নিহত
–একাংশ আৰক্ষী জোৱান আহত গোৱালপাৰা, ১৭ জুলাই(হি.স.)। গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত অসম আৰক্ষী আৰু বন বিভাগৰ নেতৃত্বত চলা উচ্ছেদ অভিযানৰ সময়ত পুৱা হিংসাত্মক ৰূপ ধাৰণ কৰে। উচ্ছেদ অভিযান চলাই থকা আৰক্ষীৰ দলটোক এদল উত্তেজিত লোকে বাধা প্ৰদান কৰ
असमः ग्वालपाड़ा में अवैध अतिक्रमणकारियों के द्वारा पुलिस के साथ झड़प की तस्वीर


–একাংশ আৰক্ষী জোৱান আহত

গোৱালপাৰা, ১৭ জুলাই(হি.স.)। গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত অসম আৰক্ষী আৰু বন বিভাগৰ নেতৃত্বত চলা উচ্ছেদ অভিযানৰ সময়ত পুৱা হিংসাত্মক ৰূপ ধাৰণ কৰে। উচ্ছেদ অভিযান চলাই থকা আৰক্ষীৰ দলটোক এদল উত্তেজিত লোকে বাধা প্ৰদান কৰে আৰু আৰক্ষীৰ দলটোক শিলগুটি, ইটা নিক্ষেপ কৰি আক্ৰমণ কৰে। আত্মৰক্ষাৰ বাবে আৰক্ষীও গুলীচালনা কৰে। ফলত এজন লোকৰ নিহত হোৱাৰ লগতে আন এজন আহত হয়।

অবৈধভাৱে বনাঞ্চলৰ মাটি দখল কৰা বুলি কোৱা বাসিন্দা সকলৰ এটা বৃহৎ দলে উচ্ছেদকাৰী দলৰ আগমনক প্ৰতিহত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে পৰিস্থিতি তীব্ৰতৰ হৈ পৰে। ঘটনা স্থলীত উপস্থিত আৰক্ষীৰ জেষ্ঠ বিষয়াই সংবাদ মাধ্যমক অবগত কৰা অনুসৰি আৰক্ষী আৰু বেদখলকাৰীৰ মাজত সংঘটিত এই সংঘৰ্ষত একাংশ আৰক্ষী জোৱান আহত হৈছে।

নিহত ব্যক্তিজনৰ নাম শুকুৱাৰ হুছেইন, আনহাতে আহত ব্যক্তিজনৰ নাম কুতুবুদ্দিন শ্বেখ। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযানকাৰী আৰক্ষী আৰু বনবিভাগৰ দলটোক বেদখলকাৰীৰ দলে কৰা আক্ৰমণৰ পৰা আত্মৰক্ষাৰ বাবেহে গুলীচালনা কৰিব লগীয়া হৈছে।

কৃষ্ণাইৰ আশুডুবিত সংঘটিত হয় হিংসাত্মক ঘটনাটো। উল্লেখ্য যে বিগত ১২ জুলাইত পাইকান বনাঞ্চলত চলিছিল উচ্ছেদ অভিযান।

উচ্ছেদস্থলীত বাহৰ পাতি আছিল আৰক্ষী-বন বিভাগৰ লোক। কিন্তু উচ্ছেদ চলোৱাৰ পিছতো অঞ্চলটোত আছিল বহু অবৈধ দখলকাৰী।

আৰক্ষী-উচ্ছেদিতৰ সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। উচ্ছেদিতৰ শিলাবৰ্ষণত আৰক্ষী-বনকৰ্মীৰ কেইবাজনো লোক আহত হৈছে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande