নতুন দিল্লী, ১৬ জুলাই (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ কোম্পানী এনটিপিচিয়ে ২০৩২ চনৰ ভিতৰত ৬০ জিৱাট ক্ষমতা লাভ কৰিবলৈ নবীকৰণযোগ্য শক্তিৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে ২০ হাজাৰ কোটি টকা পৰ্যন্ত বিনিয়োগ কৰিবলৈ অনুমতি দিছে।
ইয়াৰ সৈতে জড়িত প্ৰস্তাৱটো বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত অনুমোদন জনোৱা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰত অনুষ্ঠিত এক সংবাদমেলত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।
অশ্বিনী বৈষ্ণৱে কয় যে এন টি পি চি নবীকৰণযোগ্য শক্তি লিমিটেড আৰু ইয়াৰ অন্যান্য যৌথ উদ্যোগ/সহযোগী কোম্পানীসমূহত বিনিয়োগৰ বাবে ৰাষ্ট্ৰীয় তাপ শক্তি নিগম (এন টি পি চি) লিমিটেডৰ শক্তি আবণ্টন বৃদ্ধিৰ বাবে চি চি ই এয়ে অনুমোদন জনাইছে। এই বিনিয়োগৰ উদ্দেশ্য হৈছে ২০ হাজাৰ কোটি টকা পৰ্যন্ত ব্যয়ৰে নবীকৰণযোগ্য শক্তিৰ ক্ষমতা প্ৰতিষ্ঠা কৰা।
ইয়াৰ দ্বাৰা নবীকৰণযোগ্য শক্তিৰ ক্ষমতা স্থাপনৰ পূৰ্বতে অনুমোদিত সীমা ৭৫০০ কোটিৰ পৰা ২০ হাজাৰ কোটিলৈ বৃদ্ধি পাব বুলিও তেওঁ কয়। ইয়াৰ দ্বাৰা ২০৩২ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তি (আৰ ই) ক্ষমতা বৃদ্ধি কৰি ৬০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা লাভ কৰিব পৰা যাব।তেওঁ কয় যে এই পদক্ষেপে সমগ্ৰ দেশতে শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে দিনে দিনে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান ধৰাত আৰু বিনিয়োগ নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া