নতুন দিল্লী, ১৬ জুলাই (হি.স.)। কেন্দ্ৰীয় কেবিনেটে এটা প্ৰস্তাৱ গ্ৰহণ কৰি গ্ৰুপ কেপ্তেইন শুভাঞ্চু শুক্লাক তেওঁৰ ঐতিহাসিক যাত্ৰাৰ বাবে অভিনন্দন জনায়, যিজন কালি মহাকাশৰ পৰা নিৰাপদে উভতি আহিছিল। কেবিনেটে এই সফলতাক ভাৰতৰ আকাংক্ষা আৰু বৈজ্ঞানিক কৃতিত্বৰ প্ৰতীক বুলি অভিহিত কৰিছে। এই অভিযানে ভাৰতৰ মহাকাশ কাৰ্যসূচীত এক নতুন অধ্যায় সংযোজন কৰিছে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক ঘূৰি অহাৰ সন্দৰ্ভত এক প্ৰস্তাৱ গৃহীত কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰত অনুষ্ঠিত এক সংবাদমেলযোগে কেবিনেটৰ এই প্ৰস্তাৱৰ বিষয়ে অৱগত কৰে। গ্ৰুপ কেপ্তেইন শুভাঞ্চু শুক্লাৰ মিছন কেৱল এজন ব্যক্তিৰ সফলতাই নহয়, ই ভাৰতৰ নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ নিদৰ্শন বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে। ইয়াৰ ফলত আমাৰ ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলৰ কৌতুহল বৃদ্ধি পাব, বৈজ্ঞানিক চিন্তাৰ বিকাশ হ’ব। ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ বৃহৎ সংখ্যক যুৱকে বিজ্ঞান আৰু উদ্ভাৱনক নিজৰ কেৰিয়াৰ হিচাপে গঢ়ি তুলিব। এই অভিযানে উন্নত ভাৰতৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব বুলি মন্ত্ৰীসভাই দৃঢ় বিশ্বাস প্ৰকাশ কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী মোডীৰ সপোনে নতুন শক্তি লাভ কৰিব।
উল্লেখ্য যে ২৫ জুনৰ পৰা আৰম্ভ হোৱা মহাকাশ অভিযানৰ অধীনত গ্ৰুপৰ কেপ্তেইন শুভাংশু শুক্লাই ১৮ দিন আই এছ এছত থাকে। এই ষ্টেচনত ভৰি দিয়া প্ৰথমজন ভাৰতীয়। শুক্লাই এক্সিয়াম-৪ৰ ক্ৰু আৰু এক্সপেডিচন-৭৩ৰ সৈতে মিলি মাইক্ৰ’গ্ৰেভিটি, পেশীৰ পুনৰুত্পাদন, শেলাই আৰু অণুজীৱৰ বৃদ্ধি আৰু মহাকাশত শস্য উৎপাদন আদি বিষয়ত গুৰুত্বপূৰ্ণ পৰীক্ষা-নিৰীক্ষা চলাইছিল। এই সাফল্যৰ বাবে ইছৰোৰ দল, বিজ্ঞানী আৰু অভিযন্তাসকলকো অভিনন্দন জ্ঞাপন কৰে কেবিনেটে। তেওঁ কয় যে সমগ্ৰ দলটোৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে এই সপোন বাস্তৱায়িত কৰিছে।
কেবিনেটৰ বিবৃতিত কোৱা হৈছে যে এই গৱেষণাসমূহে মহাকাশত মানৱ জীৱনৰ সম্ভাৱনা আৰু ভাৰতৰ মাইক্ৰ’গ্ৰেভিটি বিজ্ঞানৰ বুজাবুজিৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব। এই অভিযানে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাকো শক্তিশালী কৰে। একে সময়তে ভাৰত এতিয়া দ্ৰুতগতিত গগনিয়ান আৰু নিজা মহাকাশ কেন্দ্ৰৰ দিশে আগবাঢ়িছে। এই সফলতাই দেশখনক মানৱ মহাকাশ অভিযানত প্ৰধান শক্তিসমূহৰ সমতুল্য কৰি তুলিছে।
প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বক প্ৰশংসা কৰি কেবিনেটে কয় যে মহাকাশ সামৰ্থ্যৰ ওপৰত তেওঁৰ পথ প্ৰদৰ্শন আৰু আস্থাই ভাৰতক এই স্থানলৈ লৈ গৈছে। বিবৃতিটোত এই কথাও উল্লেখ কৰা হৈছে যে চন্দ্ৰযান-৩, আদিত্য-এল১ আদি অভিযানৰ জৰিয়তে ভাৰতে মহাকাশ খণ্ডত এক বিশ্বাসযোগ্য পৰিচয় গঢ়ি তুলিছে। মহাকাশ খণ্ডত কৰা সংস্কাৰৰ ফলত প্ৰায় ৩০০ টা ষ্টাৰ্টআপৰ উত্থান ঘটিছে, যাৰ ফলত নিয়োগ আৰু উদ্ভাৱন বৃদ্ধি পাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া