ডিমা হাছাও, ১৬ জুলাই (হি.স.)। অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ মাহুৰ থানাৰ অন্তৰ্গত হাংৰুম গাঁৱত সংঘটিত ভূমিস্খলনত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ৯ জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক মাহুৰ আৰু হাফলঙৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বুধবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে মাহুৰ থানাৰ এটা দল আৰু এছডিআৰএফৰ এটা দল সেই স্থানত উপস্থিত হয়। স্থানীয় আৰু জিলা প্ৰশাসনৰ বিষয়াসকলেও ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰ অভিযানৰ সৈতে জড়িত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে অভিযান সম্পূৰ্ণ হৈছে। আহতসকলক জৰুৰী চিকিৎসাৰ বাবে মাহুৰ আৰু হাফলঙৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অন্তিম তথ্য নোপোৱালৈকে মৃত লোকজনক চিনাক্ত কৰিব পৰা নগ’ল।
উল্লেখযোগ্য যে যোৱা দুদিন ধৰি এই পাহাৰীয়া জিলাখনত অবিৰতভাৱে বৰষুণ দি আহিছে। ফলত পাহাৰৰ মাটি ভাঙি গৈছে। অবিৰত বৰষুণৰ বাবে চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন। পাহাৰীয়া জিলাখনৰ অন্যান্য অঞ্চলতো ভূমিস্খলন হ’ব পাৰে বুলি আশংকা কৰিছে বিষয়াসকলে। অৱশ্যে দুৰ্যোগৰ পৰিস্থিতিৰ ওপৰত প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী