মাজদিয়া আৰক্ষীৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক দুই
বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক দুই।
মাজদিয়া আৰক্ষীৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক দুই


বৰপেটা, ১৬ জুলাই (হি.স.): বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা। মাজদিয়া আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ দুটাকৈ ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত দৰংগিপাৰা গাঁৱৰ দেৱব্ৰত হৰিজন আৰু দেৱজিৎ কলিতা বুলি পৰিচয় পোৱা গৈছে। ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা ২,১৬০ টা নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহত ব্যৱহৃত এ.এচ- ০১ এফ আৰ- ৬৪৭৪ নম্বৰৰ ৰয়েল এনফিল্ড বাইক এখন আৰু দুটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

গোপন খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ সন্মুখত যোৱা নিশা প্ৰায় ১২:৩০ বজাত মাজদিয়া আৰক্ষীয়ে চলাইছিল নাকা চেকিং। মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুলজাৰ হুছেইন আহমেদৰ নেতৃত্বত কনিষ্টবল ক্ৰমে জাহিদুল ইছলাম, ভৃগু দাস, আৰক্ষী জোৱান হাফিজুৰ আলী আৰু গৃহৰক্ষী জোৱান আলিম সিকদাৰে চলাইছিল নাকা চেকিং।বৰপেটা দিশৰ পৰা মুকালমুৱা দিশলৈ তীব্ৰ গতিত আহি থকা এ এচ ০১-এফ আৰ- ৬৪৭৪ নম্বৰৰ ৰয়েল এনফিল্ড বাইকখন আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰাত বাইকখন পলায়নৰ চেষ্টা কৰে।

আৰক্ষীয়ে অতি তৎপৰতাৰে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত বাইকত অহা যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকা, উপ পৰিদৰ্শক বিশাল বৰ্মনসহ আৰক্ষীৰ দল উপস্থিত হয়।সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ উপস্থিতিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুলজাৰ হুছেইন আহমেদে সাক্ষীৰ সন্মুখত যুৱক দুজনৰ পৰা জব্দ কৰে ২,১৬০ টা নিচাজাতীয় টেবলেট।ধৃত যুৱক দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে সৰ্থেবাৰী থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande