লামডিং আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে ধাৰাবাহিক অভিযান, ধৃত ২
লামডিং আৰক্ষী ড্ৰাগছ বিৰুদ্ধে ধাৰাবাহিক অভিযান ৷
লামডিং আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে ধাৰাবাহিক অভিযান, ধৃত ২


হোজাই, ১৫ জুলাই (হি.স.): লামডিং আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত আছে ৷ যোৱা কালি সোমবাৰে সন্ধিয়া লামডিং আৰক্ষীয়ে অভিযান চলাই লামডিং ইটা ভাটা চাৰিআলিৰ পৰা ড্ৰাগছ সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়৷

লামডিং থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান। গ্ৰপ্তাৰ কৰা লোক জনৰ নাম নানটু দাস লামডিং জুলন পোল ৰোডৰ বাসিন্দা আৰু চন্দন দে লামডিং একাউণ্চ কলোনীৰ বুলি জানিব পৰা গৈছে৷ লোক দুজনৰ পৰা তিনিটা প্লাষ্টিক কণ্টেইনাৰত প্ৰায় ৩২ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ খিনিৰ বজাৰ মূল্য লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে ৷বৰ্তমান লামডিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande