শ্ৰীৰামপুৰত আকৌ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
দুজনক আটক।
শ্ৰীৰামপুৰত আকৌ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ


কোকৰাঝাৰ, ২৬ আগষ্ট (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত সোমবাৰ আগত ২.৯০ টন গাঞ্জা জব্দ কৰাৰ পাছত যোৱা কালি মঙলবাৰে সন্ধিয়া পুনৰ আৰক্ষীয়ে এখন গাড়ীত তলাচী চলাই কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে । গোপন খবৰৰ ভিত্তিত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ দলে অসমৰ পৰা পশ্চিমবংগ অভিমুখী এ এছ ০১ পিচি-৫৬৭৩ নম্বৰৰ ছচকীয়া কন্টেইনাৰখন আৰক্ষীৰ নাকাত ৰখাই তালাচী চলাই গোপন চেম্বাৰত লুকুৱাই অনা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত চালক আৰু সহচালকক আটক কৰা হয় ।

কন্টেইনাৰখনত তালাচী চলাই দুটা বস্তাৰ পৰা উদ্ধাৰ হোৱা চাবোনৰ বাকচত থকা ড্ৰাগছ সমূহ প্ৰাথমিকভাৱে পৰীক্ষা কৰি ব্ৰাউন চুগাৰ বুলি নিশ্চিত হোৱাৰ পাছত জব্দ কৰা হয় । ১৩১ টা বাকচত প্ৰায় ডেৰ কিলোগ্ৰাম ব্ৰাউন চুগাৰ আছিল যাৰ বজাৰ মূল্য এক কোটি টকাৰ অধিক হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। ইপিনে ড্ৰাগছ সৰবৰাহ কৰা বাহনখন জব্দ কৰাৰ লগতে চালক দুজনক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা দুজন হৈছে বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ ৰাজ যাদব(২২) আৰু আন জন হৈছে বিহাৰৰ দাৰভাংগা জিলাৰ ত্ৰিপুৰাৰী যাদব (৩০)।

ড্ৰাগছ খিনি গুৱাহাটীৰ পৰা শিলিগুৰিলৈ সৰবৰাহ কৰা সময়ত শ্ৰীৰামপুৰত আহি আৰক্ষীৰ জালত পৰে । আৰক্ষীৰ তালাচী অভিযানত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) প্ৰকাশ মেধি,গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়ো আৰু গোসাঁইগাঁও থানাৰ অ'চি কে এছ ছিমটে উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande