
কামৰূপ, ২৬ আগষ্ট (হি.স.): ৰঙিয়াৰ উদিয়ানাত আৰক্ষীৰ অভিযানত উৎখাত কৰা হৈছে মানৱ সৰবৰাহকাৰী চক্ৰ এটি । তাইজুদ্দিন আহমেদ নামৰ মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে ৩ মহিলাসহ ১০ জন পুৰুষ । বন্ধ কোঠাত আবদ্ধ কৰি কাশ্মীৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল তাইজুদ্দিন আলীয়ে ।
ৰঙিয়া আৰক্ষীৰ বৃহৎ দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই উৎখাত কৰে এই চক্ৰটো । আৰক্ষীয়ে কুখ্যাত মানৱ সৰবৰাহকাৰী তাইজুদ্দিন আলী আৰু পত্নী নয়ণমণি বেগমক গ্ৰেপ্তাৰ কৰিছে । অসমৰ বিভিন্ন প্ৰান্তৰ এইসকল দৰিদ্ৰ লোকক শ্ৰমিক হিচাপে নিয়াৰ বাবে লুকুৱাই ৰাখিছিল উদিয়ানাৰ তাইজুদ্দিনৰ ঘৰত । ইয়াৰ পূৰ্বেও মানৱ সৰবৰাহৰ গোচৰত কেইবাবাৰো জে'লৰ ভাত খাই আহিছে তাইজুদ্দিন আহমেদে । মঙলবাৰে নিশা ৰঙিয়া সমজিলা আয়ুক্ত সহ সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই উৎখাত কৰে এই বৃহৎ চক্ৰটো ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ