বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰাবৰাকাৰী
পুনৰ বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰাবৰাকাৰী।
বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰাবৰাকাৰী


বৰপেটা, ১৬ জুলাই (হি.স.):পুনৰ বৰপেটা ৰোড আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ সৰাবৰাকাৰী।এজনৰ পিছত আন এজনকৈ কুখ্যাত ড্ৰাগছ সৰাবৰাকাৰী পৰিছে বৰপেটা ৰোড আৰক্ষীৰ জালত। যোৱা কালি মঙ্গলবাৰে বিয়লি পুনৰ বৰপেটা ৰোড আৰক্ষীয়ে বৰপেটা ৰোড ৰেলৱে গেটৰ পৰা ৮টাকৈ ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেনাৰৰ সৈতে আছৰাদ আলী নামৰ এজন ড্ৰাগছ সৰাবৰাকাৰীক আটক কৰিবলৈ সক্ষম হয়।

ধৃত ড্ৰাগছ সৰাবৰাকাৰী গৰাকী বৰপেটা ৰোডৰ আজাদ নগৰ নিবাসী মোজাম্মেল আলীৰ পুত্ৰ আছৰাদ আলী(৩২) বুলি জনা গৈছে। একপিনে বৰপেটা ৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযান অব্যাহত আছে, আনপিনে আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ সৰাবৰাহ কৰি গৈছে । বৰপেটা ৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানক প্ৰশংসা কৰাৰ লগতে এতিয়া ড্ৰাগছ সৰাবৰাকাৰী সকলৰ মুলে সিপাহে উৎখাত কৰিবলৈ আহ্বান জনাইছে বৰপেটা ৰোডৰ সৰ্বসাধাৰণ ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande