চৰাইদেউ আৰক্ষীৰ অভিযানত ২২ জন আলফা স্বাধীনৰ লিংকমেন গ্ৰেপ্তাৰ
চৰাইদেউ, ১৫ জুলাই (হি.স.)। উজনি অসমৰ নাগালেণ্ডৰ মন জিলা আৰু অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সৈতে সংলগ্ন চৰাইদেউ জিলাত আৰক্ষী আৰু আসাম ৰাইফালছে উগ্ৰপন্থী বিৰোধী অভিয়ান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীৰ অভিযানত ১২ দিনৰ ভিতৰত চৰাইদেউ আৰক্ষীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ
চৰাইদেউ আৰক্ষীৰ অভিযানত ২২ জন আলফা স্বাধীনৰ লিংকমেন গ্ৰেপ্তাৰ


চৰাইদেউ, ১৫ জুলাই (হি.স.)। উজনি অসমৰ নাগালেণ্ডৰ মন জিলা আৰু অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সৈতে সংলগ্ন চৰাইদেউ জিলাত আৰক্ষী আৰু আসাম ৰাইফালছে উগ্ৰপন্থী বিৰোধী অভিয়ান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীৰ অভিযানত ১২ দিনৰ ভিতৰত চৰাইদেউ আৰক্ষীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ আলফা স্বাধীনৰ লিংকমেন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

বিগত দুদিনত নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানকাৰী দলে অসমৰ বিভিন্ন ঠাইৰ লগতে নাগালেণ্ডৰ মন জিলাৰ পৰা আলফা (স্বাধীন)ৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰি সংগঠনটোৰ লিংকমেন হিচাপে কাম কৰি থকা দহ জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে সংবাদ মাধ্যমত ডি এছ পি গজানন্দ শৰ্মাই জানিবলৈ দিয়ে।

নিৰাপত্তা বাহিনীৰ দলে গ্ৰেপ্তাৰ কৰা আলফাৰ লিংকমেন কেইজন হৈছে কামৰূপ জিলাৰ পাণ্ডুৰ অসীম অধিকাৰী, ওদালগুৰি জিলাৰ হৰিশিঙাৰ বলেন ডেকা আৰু ধ্ৰুৱজ্যোতি বৈশ্য, দৰং জিলাৰ নাপ্তাপাৰাৰ ধৰ্মেন্দ্ৰ ডেকা, সোণাৰি চেনিগুদাম অঞ্চলৰ চিৰাজুদ্দিন আলি আৰু ইমৰান আলি, সোণাৰি ভৱানীপুৰ অঞ্চলৰ সুৰজিত দে, সোণাৰি বৰাহী কছাৰী গাঁৱৰ সংকু দাস আৰু নগালেণ্ডৰ মন জিলাৰ নাগিনীমৰা অঞ্চলৰ আহাম কন্যাক।

ইয়াকে লৈ বিগত বাৰ দিনত চৰাইদেউ জিলা আৰক্ষীয়ে মুঠ ২২ জন আলফা (স্বাধীন)ৰ লিংকমেনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande