টাইপেই (টাইৱান), ১৬ জুলাই (হি.স.)। টাইৱান স্বাধীন ৰাষ্ট্ৰ হোৱাটো চীনে ঘূণাক্ষৰেও পছণ্ড নকৰে। টাইৱানক চীনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। দীৰ্ঘদিন ধৰি এই চেষ্টা কৰি আহিছে। চীনৰ যুদ্ধ বিমান টাইৱানৰ চাৰিওফালে উৰি থাকে। টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি আজি পুৱা চীনৰ আকাশ-জল অঞ্চলত চীনৰ সামৰিক কাৰ্যকলাপ দেখা গৈছে।
টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক্স পোষ্টত প্ৰকাশ কৰিছে যে আজি পুৱা ৬:০০ বজাত (স্থানীয় সময় অনুসৰি) চীনৰ ১৮খন সামৰিক বিমান, ৭খন নৌসেনাৰ জাহাজ আৰু দুখন চৰকাৰী জাহাজ দেখা গৈছে। ১৮খন সামৰিক বিমানৰ ভিতৰত ৬খন বিমানে মধ্য ৰেখা অতিক্ৰম কৰি দেশখনৰ উত্তৰ, মধ্য, দক্ষিণ-পশ্চিম আৰু পূব বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ অঞ্চল (এডিআইজেড)ত প্ৰৱেশ কৰে।
চীনৰ এই কাৰ্যৰ প্ৰতি সঁহাৰি জনাই সশস্ত্ৰ বাহিনীয়ে সামৰিক বিমান, নৌসেনাৰ জাহাজ আৰু উপকূলীয় ক্ষেপণাস্ত্ৰ ব্যৱস্থা নিয়োগ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আন এটা এক্স পোষ্টত কয় যে মন্ত্ৰী ৱেলিংটন ক’ৱে যোৱা নিশা হুয়ালিয়ান ভ্ৰমণ কৰি ৰাণৱে মেৰামতিৰ কামত নিয়োজিত সৈনিকসকলৰ মংগলৰ বিষয়ে সোধা-পোছা কৰিছিল।
মন কৰিবলগীয়া যে কালি (১৫ জুলাই)ও চীনৰ সামৰিক বিমানে টাইৱানত অনুপ্ৰৱেশ কৰিছিল। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক্স পোষ্টত জনাইছিল যে পুৱা টাইৱানৰ আশে-পাশে চীনৰ ২৬খন সামৰিক বিমান, ৭খন নৌসেনাৰ জাহাজ আৰু এখন চৰকাৰী জাহাজ সক্ৰিয় হৈ থকা দেখা গৈছে। চীনৰ ২৬খন সামৰিক বিমানৰ ভিতৰত ২১খনে উলংঘা কৰি টাইৱানৰ উত্তৰ, দক্ষিণ-পশ্চিম আৰু পূব বায়ু প্ৰতিৰক্ষা অঞ্চলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে ১২ জুলাইত চীনেও টাইৱানত অনুপ্ৰৱেশ কৰিছিল। তেতিয়া টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছিল যে টাইৱানৰ চাৰিওফালে ১৪খন সামৰিক বিমান, ৯খন নৌসেনাৰ জাহাজ আৰু চীনৰ এখন চৰকাৰী জাহাজ দেখা গৈছে।
টাইপেই টাইমছ কাকতৰ শেহতীয়া খবৰ অনুসৰি চীনে নিজৰ জাহাজৰ জৰিয়তে টাইৱান অঞ্চলৰ গুৱামৰ চাৰিওফালে সাগৰৰ তলৰ মেপিং কৰি আছে। ইয়াৰ দ্বাৰা ইয়াক সাগৰৰ তলত কেবল স্থাপন কৰাত সহায় কৰিব পাৰে আৰু ইয়াক সামৰিক কামতো ব্যৱহাৰ কৰিব পাৰি।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া