আমেৰিকান আইডলৰ কণ্ঠশিল্পী ৰবিন কেয় আৰু তেওঁৰ স্বামীৰ হত্যা
এনচিনো (কেলিফৰ্ণিয়া), ১৬ জুলাই (হি.স.)। আমেৰিকাৰ লছ এঞ্জেলছৰ চুবুৰীয়া চহৰ এনচিনোত আমেৰিকান আইডলৰ প্ৰাক্তন কণ্ঠশিল্পী তথা সংগীত বিশষজ্ঞ ৰবিন কেয় আৰু তেওঁৰ স্বামী থমাছ ডেলুকাৰ হত্যাকাণ্ডত সকলোৱে স্তম্ভিত হৈ পৰিছে। লছ এঞ্জেলছ আৰক্ষী বিভাগে জনোৱা মতে,
আমেৰিকান আইডলৰ কণ্ঠশিল্পী ৰবিন কেয় আৰু তেওঁৰ স্বামী থমাছ ডেলুকা


এনচিনো (কেলিফৰ্ণিয়া), ১৬ জুলাই (হি.স.)। আমেৰিকাৰ লছ এঞ্জেলছৰ চুবুৰীয়া চহৰ এনচিনোত আমেৰিকান আইডলৰ প্ৰাক্তন কণ্ঠশিল্পী তথা সংগীত বিশষজ্ঞ ৰবিন কেয় আৰু তেওঁৰ স্বামী থমাছ ডেলুকাৰ হত্যাকাণ্ডত সকলোৱে স্তম্ভিত হৈ পৰিছে। লছ এঞ্জেলছ আৰক্ষী বিভাগে জনোৱা মতে, এই দ্বৈত হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত ২২ বছৰীয়া ৰেমণ্ড ব’ডেৰিয়ানক গ্ৰেপ্তাৰ কৰা হৈছে।

ফক্স নিউজ চেনেলৰ তথ্য অনুসৰি মঙলবাৰে এই সন্দৰ্ভত এল এ পি ডিয়ে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে। আৰক্ষী বিভাগে জনোৱা মতে, সোমবাৰে ৰবিন কে আৰু তেওঁৰ স্বামী ডেলুকাৰ দুৰ্গ সদৃশ অট্টালিকাত গুলীৰে ভৰা মৃতদেহ উদ্ধাৰ হয়। এই সন্দৰ্ভত এই দম্পতীহালৰ এজন বন্ধুৱে আৰক্ষীৰ প্ৰতি কোনো অশুভ কিবা এটা হোৱাৰ আশংকা প্ৰকাশ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীৰ মৃতদেহ পাকঘৰত আৰু স্বামীৰ মৃতদেহ বাথৰুমত উদ্ধাৰ কৰা হৈছে।

তদন্তকাৰী আৰক্ষী বিষয়াসকলে জনোৱা মতে, সন্দেহযুক্ত হত্যাকাৰীয়ে প্ৰথমে দেৱালৰ ওপৰেৰে জপিয়াই এই অট্টালিকাটোত প্ৰৱেশ কৰিছিল। যিহেতু ঘৰৰ এখন দুৱাৰ খোলা আছিল, গতিকে ভিতৰলৈ সোমাই লুকাই থাকিল। ঘৰত উপস্থিত হোৱাৰ সময়তে দম্পতীহালক গুলীয়াই হত্যা কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, সন্দেহজনক লোকজনৰ উদ্দেশ্য স্পষ্ট নহয়। গোচৰীয়াসকলে নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছে যে বৌডেৰিয়ানৰ কায়ে আৰু ডেলুকাৰ সৈতে কোনো সম্পৰ্ক আছিল নেকি।

ৰবিন আৰু তেওঁৰ স্বামী টমক শ্ৰদ্ধাঞ্জলি জনাই আমেৰিকান আইডলৰ এগৰাকী মুখপাত্ৰই কয় যে ৰবিন ২০০৯ চনৰ পৰা আইডল পৰিয়ালৰ মূল শিলাস্তম্ভ। ৰবিন আমাৰ হৃদয়ত সদায় থাকিব। এই কঠিন সময়ত আমি তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande