ইছলামাবাদ, ১৬ জুলাই (হি.স.)। আজি ব্ৰিটেইনে পাকিস্তানৰ ফেডাৰেল চৰকাৰক এক বৃহৎ সকাহ দিছে। ব্ৰিটেইনৰ এয়াৰ ছেফটি কমিটীয়ে বিমান সুৰক্ষাৰ তালিকাৰ পৰা পাকিস্তানৰ নাম আঁতৰাইছে। ২০২১ চনত ব্ৰিটেইনে এই তালিকাত পাকিস্তানৰ নাম অন্তৰ্ভুক্ত কৰিছিল। ব্ৰিটেইনৰ এই ঘোষণাৰ বাবেই দেশখনত সুখৰ পৰিৱেশ বিৰাজ কৰিছে।
দ্য এক্সপ্ৰেছ ট্ৰিবিউন কাকতৰ বাতৰি অনুসৰি ব্ৰিটেইনৰ বায়ু সুৰক্ষা সমিতি আৰু পাকিস্তানৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ মাজত বছৰ বছৰ ধৰি কাৰিকৰী সহযোগিতাৰ অন্তত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০২১ চনত পাকিস্তানক প্ৰথমবাৰৰ বাবে তালিকাভুক্ত হোৱাৰ পিছত নিৰাপত্তাজনিত চিন্তাৰ বাবে যথেষ্ট উন্নতি হোৱা বুলি বিষয়াসকলে নিশ্চিত কৰিছে।
এই ঘোষণাৰ প্ৰভাৱ হ’ব যে এতিয়া পাকিস্তানী বিমান সংস্থাসমূহে ব্ৰিটেইনলৈ বিমান চলাচলৰ বাবে আবেদন কৰিব পাৰিব। প্ৰতিটো বিমান সংস্থাই পৃথক আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে ব্ৰিটেইনৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুমতি পত্ৰ লাভ কৰিব লাগিব। কাকতখনে কয় যে এই সিদ্ধান্তৰ ফলত ব্ৰিটেইনত বসবাস কৰা পাকিস্তানী মূলৰ ১৬ লাখতকৈ অধিক লোক আৰু পাকিস্তানত থকা হাজাৰ হাজাৰ ব্ৰিটিছ নাগৰিকৰ বাবে ভ্ৰমণৰ সুবিধা হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত দ্বিপাক্ষিক বাণিজ্যও বৃদ্ধি পাব পাৰে।
ব্ৰিটিছ উচ্চায়ুক্ত জেন মেৰিয়েটে কয় যে, মই ব্ৰিটেইন আৰু পাকিস্তানৰ বিমান বিশেষজ্ঞসকলৰ প্ৰতি কৃতজ্ঞ। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ মানদণ্ড পূৰণৰ বাবে একেলগে কাম কৰিলে। অৱশ্যে বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ সময় লাগিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া