বাংলাদেশত জুলাই বিদ্ৰোহৰ নেতাসকলৰ ওপৰত বোমা আক্ৰমণ, গোপালগঞ্জত উত্তেজনা
ঢাকা, ১৬ জুলাই (হি.স.)। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ অংশ হিচাপে থকা ‘জুলাই বিদ্ৰোহ’ৰ জ্য়েষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিৰ আহ্বায়ক নাহিদ ইছলামকে ধৰি অন্যান্য নেতাসকলক আজি ঘৰতে বনোৱা বোমাৰে আক্ৰমণ কৰা হয়। গোপালগঞ্জত দলৰ সমাৱেশৰ পূৰ্বে টাৰ্গে
বাংলাদেশে


ঢাকা, ১৬ জুলাই (হি.স.)। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ অংশ হিচাপে থকা ‘জুলাই বিদ্ৰোহ’ৰ জ্য়েষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিৰ আহ্বায়ক নাহিদ ইছলামকে ধৰি অন্যান্য নেতাসকলক আজি ঘৰতে বনোৱা বোমাৰে আক্ৰমণ কৰা হয়। গোপালগঞ্জত দলৰ সমাৱেশৰ পূৰ্বে টাৰ্গেট কৰা হৈছিল নাহিদৰ লগতে অন্যান্য নেতাক। ইয়াৰ মাজতে একাংশ স্থানত অগ্নিসংযোগৰ ঘটনাও সংঘটিত হৈছে।

ঢাকা ট্ৰিবিউনৰ তথ্য অনুসৰি এন চি পিৰ সমাৱেশৰ পৰিপ্ৰেক্ষিতত পুৱা গোপালগঞ্জৰ শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিক্ষেত্ৰৰ আশে-পাশে প্ৰশাসনে নিৰাপত্তা বৃদ্ধি কৰে। সাজসজ্জিত বাহনত আৰক্ষী, সেনা আৰু যুটীয়া বাহিনীৰ লোকে টহল দিয়ে। বিয়লি সমাৱেশৰ অন্তত অচিনাক্ত লোকৰ দলে দলীয় নেতাৰ বাহনত আক্ৰমণ কৰে। বাহনসমূহৰ ওপৰত ইটা-শিল নিক্ষেপ কৰা হয়। ইয়াৰ মাজতে ঘৰতে বনোৱা বোমাও বিস্ফোৰণ ঘটে। আৰক্ষীয়ে নিৰাপদে এন চি পিৰ নেতাসকলক মহানগৰীৰ বাহিৰলৈ নিয়াৰ চেষ্টা চলাইছিল।

এই ঘটনাৰ কিছু সময়ৰ পাছতে টহলদাৰী সেনা জোৱানক আক্ৰমণ কৰা হয়। ইয়াৰ পিছতে আৰক্ষী আৰু সেনা জোৱানৰ সৈতে সংঘৰ্ষ হয় আক্ৰমণকাৰীৰ।

এন চি পিৰ আহ্বায়ক নাহিদ ইছলামে গোপালগঞ্জৰ সমাৱেশত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে এন চি পিৰ আহ্বায়ক নাহিদ ইছলামে। তেওঁ কয় যে এতিয়া সংগ্ৰাম তীব্ৰতৰ হ’ব। তেওঁ সৃষ্টি কৰিব নতুন বাংলাদেশ।

খবৰ অনুসৰি গোপালগঞ্জৰ পৌৰো পাৰ্ক এলেকাত এই সমাৱেশৰ আয়োজন কৰা হৈছিল। দুপৰীয়া প্ৰায় ১:৩৫ বজাত এন চি পিৰ ৰেলী মঞ্চতো আক্ৰমণ কৰা হয়। গোপালগঞ্জ সদৰ থানাৰ ভাৰপ্ৰাপ্ত মীৰ মহম্মদ সাজিদুৰ ৰহমানে মঞ্চত লগোৱা চাউণ্ড চিষ্টেম, মাইক্ৰ’ফোন আৰু চকী ভাঙি যোৱাৰ কথা জানিবলৈ দিয়ে। তাত উপস্থিত এন চি পিৰ নেতা-কৰ্মীকো আক্ৰমণ কৰা হয়।

মন কৰিবলগীয়া কথা যে এন চি পিয়ে ০১ জুলাইৰ পৰা জাতি পুনৰ্গঠনৰ বাবে জুলাই মাৰ্চ অভিযান আৰম্ভ কৰিছে।গোপালগঞ্জলৈ এই পদযাত্ৰা এই অভিযানৰ অংশ আছিল। মঙলবাৰে এই কাৰ্যসূচী দলৰ ফেচবুক পেজত ‘১৬ জুলাই: গোপালগঞ্জ মাৰ্চ’ বুলি ঘোষণা কৰা হয়।

আৰক্ষী বিষয়াৰ মতে, গোপালগঞ্জৰ টুংগীপাৰাত বঙাবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিক্ষেত্ৰত পুৱা আৰক্ষীৰ বাহনত অগ্নিসংযোগ আৰু ভাঙি-ছিঙি সংঘটিত হোৱাৰ পিছতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সমাধিস্থলৰ চাৰিওফালে আইন-শৃংখলাৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক। টুংগীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ খোৰছেদ আলমে সমাধিস্থলৰ ওচৰলৈ কাকো আহিবলৈ দিয়া নহ’ব বুলি জানিবলৈ দিয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande