ইছলামাবাদ, ১৬ জুলাই (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা জিলাৰ ডেৰা ইছমাইল খান জিলাত আজি সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত দুজন আৰক্ষীৰ প্ৰাণহানি হয়। এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু সন্ত্ৰাসবাদ বিৰোধী বিভাগ (চিটিডি)ৰ জোৱানে অঞ্চলটো ঘেৰাও কৰি নিৰ্জন ঠাইত আত্মগোপন কৰি থকা এজন সন্ত্ৰাসবাদীক হত্যা কৰে।
ডন কাকতৰ খবৰ অনুসৰি ডেৰা ইছমাইল খান আৰক্ষীৰ মুখপাত্ৰ ইয়াকুব খানে জনোৱা মতে, হেড কনিষ্টবল গুলাম মহম্মদ আৰু কনিষ্টবল শ্বাহজাদে খাদ্য ল’বলৈ কুলাচী অঞ্চল অভিমুখে গৈ আছিল। তাৰ পিছতে দুয়োকে গুলীচালনাৰে থকাসৰকা কৰে সন্ত্ৰাসবাদীয়ে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু চিটিডিৰ জোৱানে সেই স্থানৰ পৰা কিছু দূৰৈত এজন সন্ত্ৰাসবাদীক হত্যা কৰে।
আৰক্ষীৰ মুখপাত্ৰৰ মতে, এনকাউণ্টাৰ স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। ইফালে ফেডাৰেল গৃহমন্ত্ৰী মহছিন নাকভিয়ে সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি দুয়োজন আৰক্ষীক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ কয় যে এই জটিল সময়ত চৰকাৰে ভুক্তভোগী পৰিয়ালসমূহৰ সৈতে থিয় দিছে।
উল্লেখ্য যে ২০২২ চনৰ নৱেম্বৰ মাহত নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানে চৰকাৰৰ সৈতে যুদ্ধবিৰতিৰ অন্ত পেলোৱাৰ পিছত খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পাইছে। গ্ল’বেল টেৰৰিজম ইনডেক্স ২০২৫ত দ্বিতীয় স্থানত আছে পাকিস্তান। বিগত বছৰৰ তুলনাত সন্ত্ৰাসবাদী আক্ৰমণত নিহত লোকৰ সংখ্যা ৪৫ শতাংশ বৃদ্ধি পাইছে। চলিত বৰ্ষত এতিয়ালৈকে ১০৮১ জন লোকৰ মৃত্যু হৈছে সন্ত্ৰাসবাদী আক্ৰমণত।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া