হাউলীৰ ইটাৰভিটাত জাৱৰ-জোথৰ পেলোৱাক লৈ ৰাইজৰ ক্ষোভ
বৰপেটা, ১৫ জুলাই (হি.স.)। বৰপেটা জিলাৰ হাউলীৰ সমীপৰ ইটাৰভিটাত হাউলী পৌৰ সভাই জাৱৰ-জোথৰ পেলোৱা কাৰ্যক লৈ ইটাৰভিটা এলেকাৰ একাংশ ৰাইজে একত্ৰিত হৈ ক্ষোভিত হোৱা পৰিলক্ষিত হয়। আজি ৰাতিপুৱা ১০ বজাত হাউলী নগৰ পালিকাৰ জাৱৰ-জোথৰ কঢ়িয়াই অনা দুখনকৈ গাড়ীক বা
হাউলীৰ ইটাৰভিটাত জাৱৰ-জোথৰ পেলোৱাক লৈ ৰাইজৰ ক্ষোভ


বৰপেটা, ১৫ জুলাই (হি.স.)। বৰপেটা জিলাৰ হাউলীৰ সমীপৰ ইটাৰভিটাত হাউলী পৌৰ সভাই জাৱৰ-জোথৰ পেলোৱা কাৰ্যক লৈ ইটাৰভিটা এলেকাৰ একাংশ ৰাইজে একত্ৰিত হৈ ক্ষোভিত হোৱা পৰিলক্ষিত হয়।

আজি ৰাতিপুৱা ১০ বজাত হাউলী নগৰ পালিকাৰ জাৱৰ-জোথৰ কঢ়িয়াই অনা দুখনকৈ গাড়ীক বাধা প্ৰদান কৰি তীব্ৰ ক্ষোভ ওজাৰে দুৰ্গন্ধ পিড়ীত ৰাইজে। অতি উল্লেখনীয় যে শিৱ মন্দিৰ,অঙ্গনৱাদী কেন্দ্ৰ, ব্যক্তিগত খণ্ডৰ বিদ্যালয় সংস্পৰ্শিত আনকি দুখনকৈ ব্যস্ত জনপথৰ চোকত এইদৰে গেলি-পচি যোৱা দুৰ্গন্ধময় জাৱৰ- জোথৰ পেলোৱা কাৰ্যক ইটাৰভিটাবাসী ৰাইজে বিৰোধিতা কৰি ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি এইদৰে ক্ষোভ প্ৰকাশৰে বৰপেটা জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষভাবে অনুৰোধ জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande