মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া
–গৰাখহনীয়াৰ ভাবুকিত হাটশিঙিমাৰী-সীমান্ত সংযোগী একমাত্ৰ পথ দক্ষিণ শালমাৰা-মানকাচৰ, ১৬ জুলাই (হি.স.)। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া ৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ
মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া


–গৰাখহনীয়াৰ ভাবুকিত হাটশিঙিমাৰী-সীমান্ত সংযোগী একমাত্ৰ পথ

দক্ষিণ শালমাৰা-মানকাচৰ, ১৬ জুলাই (হি.স.)। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া ৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগত থকা ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কালাইৰআলগাত ব্ৰহ্মপুত্ৰ নদীয়ে সীমান্ত সংযোগী পথৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷

জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা ভাৰত-বাংলাদেশ সীমান্তলৈ যোৱা সীমান্ত সংযোগী একমাত্ৰ পথখন ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত জাহ গলে বান্ধৰ ভিতৰত থকা গাঁও সমূহৰ বাবে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব । সীমান্ত সংযোগী পথখন যিকোনো মহূৰ্তত নদীয়ে উটুৱাই নিলে সীমান্ত থকা কাইটীয়া তাৰৰ বেৰও চকুৰ পলকে নদীৰ বুকুত জাহ যোৱাৰ সম্ভাৱনাই দেখা দিছে।

সীমন্ত সংযোগী পথৰ পৰা মাত্ৰ কেইমিটাৰ মান দূৰত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়া অব্যাহত আছে ৷ ভাৰত-বাংলাদেশ সীমন্তৰ ভয়াবহ গৰাখহনীয়াই আন্তৰাষ্ট্ৰীয় সীমান্তৰ লগতে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ ভাৰত-বাংলাদেশ সীমান্তত কাইটীয়া তাঁৰৰ বেৰ নদীয়ে উটুৱাই নিলে ভাৰত-বাংলাদেশ সীমান্ত উন্মক্ত হৈ পৰিব।

ইফালে সীমান্ত সংযোগ পথ (বান্ধ)খন ভাঙি গলে মানকাচৰৰ বহু কেইটা গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে যাৰবাবে আতংকিত হৈছে অঞ্চলটোৰ ৰাইজ অতিশীঘ্ৰে পথ খনৰ কাষতে চলি থকা গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৰাইজে । মন কৰিব লগীয়া যে সেই অঞ্চলত কেইবাদিন পূৰ্বে তৎকালীন ভাবে গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে কিছু কাম কৰিছিল যদিও কামত বিশেষভাৱে দুৰ্নীতি হোৱাৰ বাবে কাম কৰা ঠাইঠিনিও নোহোৱা হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande