–মৰঙি আঞ্চলিক ছাত্ৰ সন্থাৰ পূৰ্বৰ মাচুল বাহাল ৰখাৰ দাবী
গোলাঘাট, ১৬ জুলাই (হি.স.)। নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত অৱস্থিত বিবেকানন্দ কেন্দ্ৰ - এন আৰ এল হাস্পতালৰ বিভিন্ন শিতানত বৃদ্ধি কৰা হৈছে মাচুল। ইয়াৰ ফলত অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজৰ মূৰত পৰিছে ৰাম টাঙোন। পূৰ্বৰ ৬০টকা মাচুলেৰে চিকিৎসালয়খনত ৰোগীসকলে পঞ্জীয়ন কৰি নিদান লাভ কৰিছিল যদিও হঠাতে এই মাচুল ৯০% শতাংশ পর্যন্ত বঢ়াই ১১০ টকালৈ বৃদ্ধি কৰা হৈছে।
একেদৰে ৰোগীসকলৰ বিছনাৰ মাচুল ২০২১ চনত ১২০টকা, পৰৱৰ্তী সময়ত ২০০টকা হোৱাৰ বিপৰীতে এইবৰ্ষত হঠাতে ২৫০টকালৈ বৃদ্ধি কৰা হ'ল। শল্য বিভাগৰ অস্ত্রোপচাৰৰ মূল্য পূৰ্বতে ১১,০০০, তাৰ পিছত ১৮,০০০ টকাৰ পৰা হঠাতে ২৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। নতুনকৈ, বিশেষজ্ঞ চিকিৎসকক লগ কৰিবলৈ হ'লে ১২০ টকা মাচুল দিয়াৰ নতুন নিয়ম কৰা পৰিলক্ষিত হৈছে। নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন পুঁজিৰ ধন এই হাস্পতালখন পৰিচালনাৰ ক্ষেত্ৰত ব্যৱহৃত হয়।
ইপিনে, নুমলীগড় শোধনাগাৰৰ প্ৰদূষণৰ ফলত সৃষ্ট বহু ৰোগী, শোধনাগাৰৰ কাষৰীয়া অঞ্চলত তীব্ৰ যান-যঁটৰ ফলত দুৰ্ঘটনাগ্ৰস্ত বহু ৰোগী এই হাস্পতাললৈকে ঢাপলি মেলে। কিন্তু, এনেদৰে চিকিৎসা মাচুল বৃদ্ধিৰ লগে লগেই ৰাইজে ভীষণ সমস্যাৰ সন্মুখীন হ'ব। বিষয়টোক কেন্দ্ৰ কৰি চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৰঙি আঞ্চলিক ছাত্ৰ সন্থাই পূৰ্বৰ মাচুল বাহাল ৰখাৰ দাবী জনাই স্মৰকপত্ৰ প্ৰদান কৰিছে। ইয়াৰ বাবে বান্ধি দিছে পাঁচ দিনৰ সময়সীমা।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা