টিংখাঙত অনুষ্ঠিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা
ডিব্ৰুগড়, ১৬ জুলাই (হি.স.)। ডিব্ৰুগড় জিলাৰ টিংখাঙত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা। নুপুৰ নৃত্য একাডেমী, টিংখাং ৰ উদ্যোগত তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টিংখাং আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হৈছে ১০ দিনীয়া নৃত্য কৰ্মশালাৰ। টিংখ
টিংখাঙত অনুষ্ঠিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা


ডিব্ৰুগড়, ১৬ জুলাই (হি.স.)। ডিব্ৰুগড় জিলাৰ টিংখাঙত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা। নুপুৰ নৃত্য একাডেমী, টিংখাং ৰ উদ্যোগত তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টিংখাং আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হৈছে ১০ দিনীয়া নৃত্য কৰ্মশালাৰ।

টিংখাঙৰ শিক্ষক ভৱন প্ৰাঙ্গণত যোৱা ১১ জুলাইৰ পৰা ২০ জুলাই পৰ্যন্ত অনুষ্ঠিত হোৱা এই নৃত্য কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে অসমৰ জনপ্ৰিয় নৃত্য শিল্পী তথা প্ৰতিষ্ঠিত নৃত্য প্ৰশিক্ষক উদয় শংকৰে। য'ত অৰ্ধ-শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি কৰ্মশালাখন সফলমণ্ডিত কৰি তুলিছে। শিক্ষাৰ্থী সকলক বিশেষকৈ শৰীৰ সঞ্চালন, নৃত্যৰ বিভিন্ন মুদ্ৰা, প্ৰকাশভংগী আদিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে মুখ্য প্ৰশিক্ষক উদয় শংকৰে। তেওঁ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি এই ক্ষেত্ৰত অভিভাৱক সকলক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। কৰ্মশালাত সহযোগী প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছে টিংখাঙৰ বিশিষ্ট নৃত্য শিল্পী তথা প্ৰশিক্ষক পংকজ গগৈয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande