যোৰহাট, ১৬ জুলাই (হি.স.)। টীয়কত কন্ঠশিল্পী আযুৰ্চ বৰপাত্ৰৰ সহযোগীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। নিশা দুলীয়াজানত সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি ওভতি অহাৰ পথত কলিয়াপানীস্থিত পাৱাৰগ্ৰীডৰ সমীপত সংঘটিত হয় দূৰ্ঘটনাটো।
জানিব পৰা অনুসৰি কন্ঠশিল্পী গৰাকীৰ সহযোগীৰ এ এছ ০৩ এ পি ০৩৫৪ নম্বৰৰ বাহনখন পথৰ কাষৰ খাৱৈত সোমাই পৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ সময়ত গাড়ীখনত থকা চাৰিজন আৰোহী লোক কম বেছি পৰিমাণে আহত হয়। দুৰ্ঘটনাত আহত চাৰিজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা