গুৱাহাটী, ১৫ জুলাই (হি.স.)। আধুনিকীকৰণ আৰু বহন ক্ষমতাৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে'লৱেই উত্তৰ-পূৰ্ব্বাঞ্চলৰ অতি গুৰুত্বপূর্ণ ষ্টেচন-ডিব্ৰুগড় আৰু নাহৰলগুন পৰ্যন্ত নিৰৱচ্ছিন্ন এণ্ড-টু-এণ্ড বৈদ্যুতিক ট্ৰেকচন সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। এই পৰিৱৰ্তনশীল উন্নয়নে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ আৰু দক্ষিণ পাৰ উভয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বৈদ্যুতিকৰণ প্ৰয়াসৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত হৈছে।
ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ আৰু অৰুণাচল এচি এক্সপ্ৰেছৰ দৰে গুৰুত্বপূৰ্ণ ৰে’লসমূহ এতিয়া সম্পূৰ্ণৰূপে বৈদ্যুতিক ট্ৰেকচনৰ জৰিয়তে চলিবলৈ আৰম্ভ কৰিছে, যাৰ বাবে উত্তৰ পাৰৰ ৰঙিয়া–ৰঙাপাৰা নৰ্থ–নৰ্থ লখিমপুৰ খণ্ডৰ অন্তৰ্ভুক্তিৰে নতুনকৈ বৈদ্যুতিকীকৃত পথসমূহ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও শিৱসাগৰ ৰেলপথতো বিদ্যুৎচালিত ৰেলৰ পৰিচালন আৰম্ভ হৈছে, যাৰ ফলত মৰাণহাট হৈ ডিব্ৰুগড়লৈ, উত্তৰ পাৰ হৈ আৰু তিনিচুকীয়া হৈ দক্ষিণ পাৰ- তিনিটা গুৰুত্বপূৰ্ণ ৰে’লপথ এতিয়া সম্পূৰ্ণৰূপে বৈদ্যুতিকৃত হৈ পৰিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সমৰ্পিত প্ৰয়াসৰ জৰিয়তে এই উল্লেখযোগ্য প্ৰগতি সম্ভৱ হৈ উঠিছে, যিয়ে এই প্ৰত্যাহ্বানমূলক ৰে’ল পথেৰে জটিল বৈদ্যুতিকীকৰণ প্ৰকল্পটো সফলতাৰে সম্পন্ন কৰিছে। এই খণ্ডসমূহত আধুনিক ডব্লিউএপি-৭ বৈদ্যুতিক লোকোমোটিভৰ অবিৰত পৰিচালনে ৰঙিয়া, লামডিং আৰু তিনিচুকীয়া মণ্ডলত ৰেলৱেৰ টীমসমূহৰ কাৰ্যক্ষমতা আৰু উৎকৃষ্ট সহযোগিতাকে প্ৰতিফলিত কৰিছে।
বিশেষকৈ দক্ষিণ পাৰৰ তিনিচুকীয়া খণ্ডৰ বৈদ্যুতিকীকৰণে ৰেল পৰিচালনৰ দিশত উল্লেখনীয় অগ্ৰগতি প্ৰদৰ্শন কৰিছে। ৰে’লৰ সময়ানুবৰ্তিতা আৰু গতিবেগৰ দিশত এক লক্ষণীয় বৃদ্ধি প্ৰত্যক্ষ কৰাৰ লগতে ৰে’লসেৱাত উন্নত নিৰ্ভৰযোগ্যতা আৰু ডিজেলৰ পৰা বৈদ্যুতিক ট্ৰেকচনলৈ পৰিৱৰ্তনৰ জৰিয়তে পৰিচালন ব্যয়ৰ দিশত এক উল্লেখযোগ্য ৰাহি হোৱা দেখা গৈছে। এই পৰিৱৰ্তনে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি আৰু কাৰ্বন নিৰ্গমন কমাই পাৰিপাৰ্শ্বিক বহনক্ষমতালৈয়ো অৰিহণা যোগাইছে। এই উন্নয়নে অঞ্চলসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে স্বীকৃত হৈছে আৰু ভাৰতীয় ৰেলৱেৰ ১০০% বৈদ্যুতিকীকৰণ আৰু শূন্য কাৰ্বন নিৰ্গমন লক্ষ্যৰ সৈতে সামঞ্জস্য ৰাখিছে।
উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্চল কিশোৰ শৰ্মাই আজি এক প্ৰেছ বিবৃতিযোগে এই তথ্য সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী