উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে উচ্ছেদ চলোৱাৰ দাবী চিপিআই নেতা কনক গগৈৰ
শিৱসাগৰ, ১৫ জুলাই (হি.স.)। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে উচ্ছেদ চলোৱাৰ দাবী চিপিআই নেতা কনক গগৈৰ। নাজিৰাত আজি এক সংবাদমেলত চি পি আইৰ ৰাজ্যিক পৰিষদৰ সম্পাদক কনক গগৈয়ে এই দাবী জনায়। তেওঁ অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেৰ্তৃত্বাধ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে উচ্ছেদ চলোৱাৰ দাবী চিপিআই নেতা কনক গগৈৰ


শিৱসাগৰ, ১৫ জুলাই (হি.স.)। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে উচ্ছেদ চলোৱাৰ দাবী চিপিআই নেতা কনক গগৈৰ। নাজিৰাত আজি এক সংবাদমেলত চি পি আইৰ ৰাজ্যিক পৰিষদৰ সম্পাদক কনক গগৈয়ে এই দাবী জনায়।

তেওঁ অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেৰ্তৃত্বাধীন অসম চৰকাৰে স্বেচ্ছাচাৰীতাৰে বিভিন্ন স্থানত উচ্ছেদ প্ৰক্ৰিয়া চলায় আছে। তেনে নকৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মেহে উচ্ছেদ চলোৱাৰ দাবী জনায় কনক গগৈয়ে। ইফালে ম্যানমাৰত আলফা ( স্বাধীন )ৰ শিবিৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত গগৈয়ে কয় যে চৰকাৰে গোপনে আক্ৰমণ কৰি অসমীয়া যুৱকক হত্যা কৰিছে। আইন - শৃংখলা সমস্যা সমাধানৰ পৰিৱৰ্তে ৰাজনৈতিক সমস্যা হিচাপে গণ্য কৰি সমস্যা সমাধান কৰাৰ পোষকতা চি পি আইৰ। ৰাজ্যৰ সৰ্ৱতে হোৱা দূৰ্নীতি কাৰ্য ন্যায়িক তদন্ত কৰি দোষীক দৃষ্টান্তমূলক আইনী শাস্তি প্ৰদানৰ দাবী চি পি আইৰ ৰাজ্যিক পৰিষদৰ সম্পাদক কনক গগৈৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande