তামুলপুৰত বি এল অ' সকলৰ প্ৰশিক্ষণ
তামুলপুৰ, ১৫ জুলাই(হি.স.)। তামুলপুৰ জিলাৰ বৰনগৰস্থিত তামুলপুৰ মহাবিদ্যালয়ত ৪৩-তামুলপুৰ (জনজাতি) বিধানসভা সমষ্টিৰ বি এল অ'' আৰু বি এল অ'' পৰ্যবেক্ষক সকলৰ প্ৰথম ৰাউণ্ডৰ এক প্ৰশিক্ষণ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণ কাৰ্যসূচী আজি উদ্বোধন কৰ
তামুলপুৰত বি এল অ'সকলৰ প্ৰশিক্ষণ।


তামুলপুৰত বি এল অ'সকলৰ প্ৰশিক্ষণ।


তামুলপুৰ, ১৫ জুলাই(হি.স.)। তামুলপুৰ জিলাৰ বৰনগৰস্থিত তামুলপুৰ মহাবিদ্যালয়ত ৪৩-তামুলপুৰ (জনজাতি) বিধানসভা সমষ্টিৰ বি এল অ' আৰু বি এল অ' পৰ্যবেক্ষক সকলৰ প্ৰথম ৰাউণ্ডৰ এক প্ৰশিক্ষণ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণ কাৰ্যসূচী আজি উদ্বোধন কৰে জিলা আয়ুক্ত পংকজ চক্রৱৰ্তীয়ে।

কৰ্মচাৰী সকলৰ দক্ষতা আৰু প্ৰস্তুতি বৃদ্ধিৰ লক্ষ্যৰে উক্ত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তামুলপুৰৰ জিলা আয়ুক্ত গৰাকীয়ে বি এল অ' সকলৰ সঠিক আৰু নিৰ্ভুল ভোটাৰ তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত থকা গুৰুত্বপূৰ্ণ ভূমিকা বৰ্ণনা কৰি সকলো অংশগ্ৰহণকাৰীক নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰাৰ আহ্বান জনায়। আজিৰ কাৰ্যসূচীত অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্ত হিতেশ বড়ো, তামুলপুৰৰ ৰাজহ চক্ৰ বিষয়া এলিমা কাণ্ডুলনা, তামুলপুৰৰ খণ্ড উন্নয়ন বিষয়া দেৱকুমাৰ বসুমতাৰী সহ অন্যান্য বিষয়া সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande