তিনিচুকীয়া, ১৫ জুলাই (হি.স.)। এটা জৰাজীৰ্ণ ব্যস্ততাময় ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ৰাইজৰ বিপুল দাবী, দল সংগঠনে স্মাৰক পত্ৰ দি দি ভাগৰি পৰাৰ সময়তে ডুমডুমাৰ বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালাই কৰা ঘোষণাত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে ডুমডুমাবাসীয়ে ৷
মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ামতে প্ৰায় ৫৪ কোটি টকাৰ ব্যয় সাপেক্ষে এই পথটো মাকুম অভাৰ ব্ৰীজৰ পৰা ৰূপাই চাইডিঙলৈ পুনৰ নিৰ্মাণ আৰু বহলীকৰণ কৰা হ’ব ৷ ইয়াৰ নিবিদাৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে আৰু অহা আগষ্ট মাহৰ পৰাই ইয়াৰ কাম পূৰ্ণগতিত আৰম্ভ হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰী ৰূপেশ গোৱালাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ