কামৰূপ, ১৫ জুলাই (হি.স.)। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধকৰ পৰিদৰ্শনৰ পিছতে ৰঙিয়া ৰে’ল জংচনত তীব্ৰ প্ৰতিবাদ নাগৰিক মঞ্চ ৰঙিয়াৰ লগতে দল সংগঠনৰ। ৰাইজৰ সমস্যক পিঠি দিয়াৰ গুৰুতৰ অভিযোগ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকৰ বিৰুদ্ধে।পৰিদৰ্শনৰ নামত কেৱল বিলাসী গাড়ীৰ শাৰী আৰু ভোজ ভাতৰ খেল আখ্যা ৰঙিয়া নাগৰিক মঞ্চৰ ।
উত্তৰ পূৱ ভাৰতৰ অন্যতম জংচন ৰঙিয়া জংচনত যাত্ৰী তথা সাধাৰণ ৰাইজৰ বাবে নাই পৰ্য্যপ্ত সা-সুবিধা।নাই ৰাজহুৱা প্ৰস্ৰাৱগাৰ, শৌচাগাৰ, বয়োজ্যষ্ঠ, বিকলাংগ লোকৰ বাবে এচকেলেটৰৰ ব্যৱস্থা।সাংবাদিকৰ প্ৰশ্নত টিঙিৰিতুলা উত্তৰ পূৱ ৰেলৱেৰ মহা প্ৰৱন্ধক গৰাকী।আনহাতে নাগৰিক মঞ্চৰঙিয়া তথা ৰঙিয়া ছাত্ৰসন্থাৰ বিষয়ববীয়াক নকৰিলে সাক্ষাৎ।ক্ষোভত ফাটি পৰা নাগৰিক মঞ্চৰ সদস্যসকলে প্লেটফৰ্মৰ ভিতৰতেই কৰিলে প্ৰতিবাদ, জিএম গো বেক , ৰঙিয়া জংচনক প্ৰতাৰনা কৰা নচলিব আদি ধ্বনিৰে উত্তাল কৰি তোলে । সাক্ষাতৰ বাবে যোৱা ছাত্ৰ সন্থাৰ সদস্য সকলেও জিএম ৰ এই ভূমিকাত তীব্ৰ অসন্তুষ্টী ব্যক্ত কৰি ভৱিষ্যতে এই ধৰণৰ কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ