ধুবুৰী, ১৫ জুলাই (হি.স.)। আজি ধুবুৰীত উপস্থিত আয়ুষ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ প্ৰতাপৰাও গণপতৰাও যাদৱ ।আকাংক্ষিত জিলা ৰূপে পৰিদৰ্শন কৰিবলৈ অহা মন্ত্রী গৰাকীয়ে ধুবুৰী উন্নয়নৰ অগ্ৰগতি পৰ্যালোচনা আৰু আকাংক্ষিত জিলা পৰিকল্পনাৰ মুখ্য অংশীদাৰ সকলৰ সৈতে মত বিনিময়ৰ বাবে ধুবুৰী জিলা আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশ লয় তেওঁ। আজি পুৱা ৰূপচী বিমানবন্দৰত উপস্থিত হৈ গৌৰীপুৰৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত শ্ৰেণী কোঠা বিল্ডিং প্ৰদৰ্শন কৰাৰ লগতে বিদ্যালয় প্ৰাঙ্গনত গছ পুলি ৰোপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ