কোকৰাঝাৰ, ১৬ জুলাই (হি.স.)। বি টি আৰ চৰকাৰৰ উদ্য়োগত অনুষ্ঠিত প্ৰথম বডোলেণ্ড চি ই এম কাপ ফুটবল প্ৰতিযোগিতাৰ মঙলবাৰে নিশা সামৰণি অনুষ্ঠানত মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । মঙ্গলবাৰে নিশা কোকৰাঝাৰ ছাই (SAI) ষ্টেডিয়ামত হাজাৰ হাজাৰ ফুটবল প্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় বডোলেণ্ড চি ই এম ফুটবল ফাইনেল প্ৰতিযোগিতা।
কচুগাঁও পৰিষদীয় সমষ্টি বনাম কাজলগাঁও পৰিষদীয় সমষ্টি দলৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনৰ শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, অসমৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, মন্ত্ৰী ইউ জি ব্ৰহ্ম, সাংসদ জয়ন্ত বসুমতাৰী আদিকে ধৰি বি টি আৰৰ প্ৰায় সকলো কাৰ্যবাহী সদস্যই মুখ্যমন্ত্ৰী সতে ফুটবল খেল উপভোগ কৰে। বডোলেণ্ড চি ই এম কাপ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ফুটবলৰ কেন্দ্ৰ কোকৰাঝাৰত ১২৫ কোটি টকাৰ ব্যয়েৰে অসমৰ সৰ্ববৃহৎ ফুটবল ষ্টেডিয়াম নিৰ্মাণৰ ঘোষণা কৰে।
উল্লেখযোগ্য যে ১৪ জুনৰ পৰা ভিচিডিচি পৰ্যায়ৰ পৰা আৰম্ভ হোৱা প্ৰথম বডোলেণ্ড চি ই এম কাপ ফুটবল প্ৰতিযোগিতাত ৩,৭৬০টা ফুটবল দল আৰু ৬৭,৬৮০ গৰাকী ফুটবল খেলুৱৈ সকলে অংশগ্ৰহণ কৰিছে। চুড়ান্ত খেলত কচুগাঁও পৰিষদীয় দলে কাজলগাঁও পৰিষদীয় দলক ২-০ গলত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। বিজয়ী দলক এক লাখ পঞ্চাশ হাজাৰ টকা সহ ট্ৰফী আৰু ৰানাৰ্চ আফ দলক এক লাখ টকা সহ ট্ৰফিৰে সন্মানিত কৰা হয়।
বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে প্ৰথম বডোলেণ্ড চি ই এম কাপ সফলতা লাভ কৰিছে বুলি আনন্দ প্ৰকাশ কৰে আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা