মহানগৰীৰ সোণাপুৰৰ ক্লাৱ নিৰ্বানাত আৰক্ষীৰ অভিযানত চাৰিজন জুৱাৰী গ্ৰেপ্তাৰ
গুৱাহাটী, ১৫ জুলাই (হি.স.)। মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰৰ ক্লাৱ নিৰ্বানাত আৰক্ষীৰ অভিযান। বৰ্তমান পৰ্য্যন্ত আৰক্ষীয়ে অভিযানৰ কাৰণ সদৰী কৰা নাই যদিও ক্লাৱটোত বৃহৎ জুৱাৰ আদ্দা চলিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বতে ক্লাৱ নিৰ্বানাত আইপিএল জুৱা সন্দৰ্ভত চ
মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰৰ ক্লাৱ নিৰ্বানাত আৰক্ষীৰ অভিযান।


মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰৰ ক্লাৱ নিৰ্বানাত আৰক্ষীৰ অভিযান।


গুৱাহাটী, ১৫ জুলাই (হি.স.)। মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰৰ ক্লাৱ নিৰ্বানাত আৰক্ষীৰ অভিযান। বৰ্তমান পৰ্য্যন্ত আৰক্ষীয়ে অভিযানৰ কাৰণ সদৰী কৰা নাই যদিও ক্লাৱটোত বৃহৎ জুৱাৰ আদ্দা চলিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বতে ক্লাৱ নিৰ্বানাত আইপিএল জুৱা সন্দৰ্ভত চলিছিল আৰক্ষীৰ অভিযান। ইতিমধ্যে ক্লাৱ নিৰ্বানাত আৰক্ষীয়ে সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰি চলালে অভিযান।

আইজলৰ চাৰিজন লোকক এই ঘটনা সন্দৰ্ভত আটক কৰিছে আৰক্ষীয়ে। আটক হোৱা চাৰিও জনৰ পৰা জুৱাত ব্যবহৃত বৃহৎ পৰিমাণৰ কেচিন' কাৰ্ড জব্দ কৰিছে। আটক হোৱা কেইজন ক্ৰমে লালচানহিমা চাইলো, লালফাকাৱামা ৰালতে, লালৰিং হেটা, যোছেফ লালপাৰমাৱে।

আটাইকেজনৰ ঘৰ মিজোৰামৰ আইজলত বিগত দুই তিনিদিন ধৰি জুৱাৰীৰ গেংটোৱে জুৱাৰ আড্ডা চলাইছিল ক্লাৱ নিৰ্বানাত। বহুকোটি টকাৰ জুৱাৰ আড্ডা চলাৰ তথ্য লাভ আৰক্ষীৰ।

অধিক তথ্যৰ বাবে সোণাপুৰ আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande