টীয়কত বৰষুণৰ অভাৱত কৃষকৰ পথাৰত চিৰালফাট,যোৰহাটত সুদূৰ গৰাহত জলসিঞ্চন আঁচনি
যোৰহাট,১৫ জুলাই (হি.স.)। টীয়কত বৰষুণৰ অভাৱত কৃষকৰ পথাৰত চিৰালফাট।দেশৰ আন ৰাজ্য়ত অনাবৃষ্টিৰ পৰিস্থিতিৰ সৃষ্টি হলে জলসিঞ্চন ব্যৱস্থাই কৃষকক সকাহ প্ৰদান কৰে। কিন্ত অসমৰ যোৰহাট জিলাত সুদূৰ পৰাহত জলসিঞ্চন আঁচনি। ফলত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি
টীয়কত বৰষুণৰ অভাৱত কৃষকৰ পথাৰত চিৰালফাট,যোৰহাটত সুদূৰ গৰাহত জলসিঞ্চন আঁচনি


যোৰহাট,১৫ জুলাই (হি.স.)। টীয়কত বৰষুণৰ অভাৱত কৃষকৰ পথাৰত চিৰালফাট।দেশৰ আন ৰাজ্য়ত অনাবৃষ্টিৰ পৰিস্থিতিৰ সৃষ্টি হলে জলসিঞ্চন ব্যৱস্থাই কৃষকক সকাহ প্ৰদান কৰে। কিন্ত অসমৰ যোৰহাট জিলাত সুদূৰ পৰাহত জলসিঞ্চন আঁচনি। ফলত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

স্বাভাবিকতে আহাৰ আৰু শাওন মাহ কৃষকৰ কাৰণে আশা-প্ৰত্যাশাৰ আৰু প্ৰতিশ্ৰুতিৰ মাহ। এই দুটা মাহৰ ওপৰত নিৰ্ভৰ কৰিয়েই উজনিৰ কৃষকে বছৰটোৰ পৰিকল্পনা কৰে ,সন্তানৰ ভৱিষ্যতৰ পৰিকল্পনা কৰে। কিন্তু এইবাৰ বতৰে বিবুধিত পেলাইছে কৃষকক। বতৰৰ অস্বাভাৱিক পৰিবৰ্তনৰ ফলত আহাৰ,শাওন মাহত নাই পৰ্যাপ্ত বৰষুণ। পৰিণতিত পথাৰত এতিয়া চিৰালফাট। যি দুই এডৰা মাটিত কৃষকে শালি ধানৰ ৰোৱা ৰুইছিল,সেয়াও এতিয়া শুকাই গৈছে। বিশেষকৈ যোৰহাট জিলাত অতি ভয়ানক হৈ পৰিছে কৃষকৰ অৱস্থা। পথাৰত কৃষিকাৰ্য্য কৰিব নোৱাৰি হাহাকাৰ অৱস্থা হৈছে কৃষকৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande