২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিহপুৰীয়া লাগিব অগপক
প্ৰথমে আমবাৰীৰ মুখ্য কাৰ্যালয়ত ধৰ্ণা তাৰ পিছত বিহপুৰীয়াত ২১ খন আঞ্চলিক সমিতিৰ সমুহীয়া পদত্যাগৰ হুংকাৰ লখিমপুৰ, ১৫ জুলাই (হি.স.)। মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত হুংকাৰ দিলে অসম গণ পৰিষদে। ২০২৬ ত অসম গণ পৰিষদক লাগিব বিহপুৰীয়া। মিত্ৰতাৰ ধৰ্ম পালনত ব্যৰ
২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিহপুৰীয়া লাগিব অগপক


প্ৰথমে আমবাৰীৰ মুখ্য কাৰ্যালয়ত ধৰ্ণা তাৰ পিছত বিহপুৰীয়াত ২১ খন আঞ্চলিক সমিতিৰ সমুহীয়া পদত্যাগৰ হুংকাৰ

লখিমপুৰ, ১৫ জুলাই (হি.স.)। মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত হুংকাৰ দিলে অসম গণ পৰিষদে। ২০২৬ ত অসম গণ পৰিষদক লাগিব বিহপুৰীয়া। মিত্ৰতাৰ ধৰ্ম পালনত ব্যৰ্থ বিজেপি।সেয়ে এইবাৰ কোনো কাৰণতে মানি লোৱা নহ'ব। অসম গণ পৰিষদ দলৰ বিহপুৰীয়া সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত সৰ্বসন্মত ভাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

২১ খন আঞ্চলিক সমিতিৰ পৰা অহা তিনি সহস্ৰাধিক দলীয় সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত কৰ্মী সভাখনত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে গ্ৰহণ কৰা হয় কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব।প্ৰস্তাব অনুসৰি অহা ১৫ জুলাইৰ পিছত বিহপুৰীয়া অগপৰ এটা সজাতি দল ৰাওনা হ'ব মুখ্য কাৰ্যালয় আমবাৰীলৈ আৰু অগপ নেতৃত্বৰ হাতত কেবাটাও প্ৰস্তাব সম্বলিত এখন দাবী পত্ৰ প্ৰদান কৰিব।লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ হাততো দাবী পত্ৰ প্ৰদান কৰিব দলটোৱে।প্ৰয়োজনত আমবাৰীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীও গ্ৰহণৰ হুংকাৰ দিয়ে বিহপুৰীয়া অগপৰ নেতৃত্বই।২০ খন বাছেৰে আমবাৰীত উপস্থিত হৈ দলীয় সমৰ্থকে অংশগ্ৰহণ কৰিব ধৰ্ণা কাৰ্যসূচীত।ইয়াৰ পিছতো যদি কেন্দ্ৰীয় নেতৃত্বই মানি নলয় তেন্তে ২১ খন আঞ্চলিক সমিতিয়ে সমূহীয়া ভাবে পদত্যাগ কৰাৰ লগতে বিহপুৰীয়া সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনৰ বিগত দহ বছৰীয়া কাৰ্যকালত অগপ কৰ্মী সকল লাঞ্চিত-বঞ্চিত- অৱহেলিত হ'ব লগা হ'ল বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বিহপুৰীয়া অগপৰ নেতৃত্বই।চৰকাৰৰ কোনো এখন আঁচনিয়েও স্পৰ্শ কৰিব নোৱাৰিলে অগপ কৰ্মী-সমৰ্থক সকলক।বিজেপি বিধায়ক সকলে সভাই-সমিতিয়ে মিত্ৰতাৰ কথা কবলৈ বেয়া পাই বুলিও অভিযোগ উত্থাপন কৰে বিহপুৰীয়া অগপই।১৬ চনত অগপৰ পিঠিত উঠিয়েই বিজেপি দলে নিৰ্বাচনী বৈতৰণী পাৰ হৈছিল বুলি দাবী কৰি মিত্ৰতাৰ ধৰ্ম অনুসৰি এইবাৰ আমাক বিহপুৰীয়া এৰি দিবই লাগিব বুলি হুংকাৰ বিহপুৰীয়া অগপৰ।বহুত হ'ল আৰু সহ্য কৰা নহ'ব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande