মৰিগাঁও, ১৪ জুলাই (হি.স.) জাগীৰোড আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা। জাগীৰোডত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ মহিলা আটক কৰা হৈছে। আটকাধীন মহিলা গৰাকী মণিপুৰৰ ২৫ বছৰীয়া চুফিয়া বুলি পৰিচয় পোৱা গৈছে। মহিলাগৰাকীৰ পৰা জব্দ কৰা হৈছে ১০৪.৫ গ্ৰাম হেৰ’ইন।
চুফিয়াই নিজৰ গাত মেৰিয়াই আনিছিল ড্ৰাগছ ভৰ্তি ৯ টাকৈ চাবোনৰ বাকচ। জাগীৰোড ৰে’ল ষ্টেচনৰ ওচৰত ঘুৰি ফুৰিছিল মহিলাগৰাকী। জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২৫লাখৰো অধিক টকা হ'ব বুলি ধাৰণা কৰা হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar