কাছাৰত ৫৭ লাখ টকাৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ আগৰতলাৰ এক মহিলা সৰবৰাহকাৰী
কাছাৰত ৫৭ লাখ টকাৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ আগৰতলাৰ এক মহিলা সৰবৰাহকাৰী।
কাছাৰত ৫৭ লাখ টকাৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ আগৰতলাৰ এক মহিলা সৰবৰাহকাৰী


কাছাৰ, ১৩ জুলাই (হি.স.): ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। পুনৰ কাছাৰত বুজন পৰিমাণৰ হেৰ’ইন সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এক মহিলা সৰবৰাহকাৰীক । ধৃত মহিলা গৰাকী ত্ৰিপুৰা আগৰতলাৰ বাসিন্দা প্ৰণতি দাস ।

গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে কাছাৰৰ অৰুণাচল ৰে’ল ষ্টেচনত কালি বিয়লি অভিযান চলাই হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰে মহিলা গৰাকীক । ধৃত মহিলা গৰাকীক আৰক্ষীয়ে তলাচি চলাই ১০ টা চাবোনৰ বাকচত ১১৪ গ্ৰাম হেৰ’ইন জব্দ কৰে । যাৰ চোৰাং বজাৰ মূল্য ৫৭ লাখ টকা হ’ব বুলি সদৰি কৰিছে আৰক্ষীয়ে। কাছাৰৰ পৰা ৰে’ল যোগে হে’ৰইন খিনি আগৰতলালৈ নিয়াৰ পৰিকল্পনা আছিল বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande