ধুবুৰী, ১৩ জুলাই (হি.স.)। গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগাছ বিৰোধী অভিধান আটক এজন। গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১০ নং ৱাৰ্ড কডমতোলাত ড্ৰাগাছ সৰবৰাহকাৰীক আটক।ড্ৰাগাছ সৰবৰাহকাৰী গৌৰীপুৰ ১০ নং ৱাৰ্ড কডমতোলাৰ নুৰ হুছেইন বুলি জানিব পৰা গৈছে।
আজি গোপন সূত্ৰৰ পমখেদি গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহণৰ নেতৃত্বত অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰে ড্ৰাগাছ সৰবৰাহকাৰী নুৰ হুছেইনক। পিছ মুহূৰ্তত আৰক্ষীয়ে ড্ৰাগাছ সৰবৰাহকাৰী নুৰ হুছেইনক থানালৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ