নগাঁও, ১২ জুলাই (হি.স.)। নগাঁও জিলাৰ কামপুৰত চোৰাং গৰু ভৰ্তি বলে'ৰ পিকআপ এখন জব্দ কৰা হৈছে ৷ কামপুৰ আৰক্ষীয়ে ১২ টা চোৰাং গৰু সহ তিনিজন লোকক আটক কৰে ৷ নথি পত্ৰ অবিহনে অবৈধ ভাৱে কঢ়িয়াই আনিছিল গৰু সমূহ ৷
ধৃত লোক কেইজন খাইৰুল ইছলাম, মহমাদুল ইছলাম আৰু আব্দুল কাচেম বুলি পৰিচয় পোৱা গৈছে ৷ চোৰাং গৰু সমূহ গো-শালালৈ প্ৰেৰণ কৰাৰ লগতে ধৃত লোক কেইজনক ৮৮/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ জব্দ কৰা বাহন খনৰ নম্বৰ এএছ ০১ আৰচি ৫১৫০ বুলি জানিব পৰা গৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা