গোলাঘাট, ১০ জুলাই (হি.স.)।মেৰাপানীত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। মেৰাপানীৰ আৰক্ষী আৰু ১৪২ নং চি আৰ পি এফৰ যৌথ অভিযানত আজি বুজন পৰিমাণৰ ড্ৰাগ্ৰছ(চিম্পেস্ক প্লাছ টেবলেট) জব্দ কৰে ।
এক গোপনসূত্ৰৰ পম খেদি মেৰাপানীৰ ফৰেষ্ট ব্লকৰ লুকাই গ্ৰুৰুং নামৰ লোক জনৰ বাসগৃহৰ পৰা প্ৰায় ২ কেজি ১৫০ গ্ৰাম ড্ৰাগ্ৰছ (চিম্পেস্ক প্লাছ টেবলেট) জব্দ কৰিবলৈ সক্ষম হয়। উল্লেযোগ্য যে লুকাই গ্ৰুৰুং অভিযান কাৰি দল যোৱা সম্ভেদ পাই পলায়ন কৰে যদিও মেৰাপানীৰ ১৪২ নং চি আৰ পি এফয়ে খেদি খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু