দৰং, ১০ জুলাই (হি.স.): দৰঙত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ | মংগলবাৰে দুৰ্ধৰ্ষ ছাইবাৰ অপৰাধী ছাইদুৰৰ ৰহমানৰ অপৰাধ জনিত কাৰ্য কলাপৰ ঘটনা মান নৌযাওতেই বৃহস্পতিবাৰে নকল সোণৰ ব্যৱসায়ীৰে জড়িত চাৰিজনকৈ লোকক খাৰুপেটীয়া আৰক্ষীয়ে আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে |
উল্লেখ্য যে লক্ষীমপুৰ বালি কাটাৰ দুজন নকল সোণৰ ব্যৱসায়ী বিল্লাল হুছেইন আৰু নুৰ আলমে পশ্চিম বংগৰ মেদিনীপুৰৰ বাবুচোনা ৰবি দাস আৰু মিলন কুট্টাল নামৰ লোক দুজনৰ সৈতে খাৰুপেটীয়াৰ এখন হোটেলত নকল সোনৰ দৰদাম চলাই আছিল। ইফালে গোপন সূত্ৰযোগে লাভ কৰা তথ্য়ৰ ভিত্তিত খাৰুপেটীয়া আৰক্ষীয়ে এক অভিযান চলাই চাৰিওজনকে আটক কৰে। খাৰুপেটীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে চাৰিওজনকে জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ