বৰপেটা, ১৪ জুলাই (হি.স.): বৰপেটা ৰোডত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে দুধৰ্ষ ড্ৰাগছ মাফিয়া আটক কৰা হৈছে। ধৃত ড্ৰাগছ সৰাবৰাকাৰী গৰাকী বৰপেটা ৰোডৰ বালাভিটা নিবাসী শুকুৰ আলীৰ পুত্ৰ হানিফ আলী (৪০) বুলি পৰিচয় পোৱা গৈছে । বৰপেটা ৰোড ৰেলৱে ক্ৰছিংৰ কাষতে স্থানীয় ৰাইজে হানিফ আলীক সন্দেহজনক ভাবে পৰিলক্ষিত কৰি আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ তালাচী চলাই হানিফ আলীৰ পৰা ১০ ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি বৰপেটা ৰোড আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰাবৰাকাৰী হানিফ আলীক আটক কৰি অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে বৰপেটা ৰোড চহৰৰ বিশেষ কিছুমান অঞ্চল ক্ৰমে ড্ৰাগছ মাফিয়া সকলৰ ঘাটিত পৰিণত হৈছে। একপিনে আৰক্ষীৰ ধাৰাবাহিক অভিযান আনপিনে আৰক্ষীৰ চকুত ধুলি দি এটা দুষ্ট চক্ৰই চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।
এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিন্দু সুৰক্ষা সেনাৰ কৰ্মকৰ্তা সকলে ড্ৰাগছৰ ব্যৱসায় সম্পূৰ্ণৰূপে নাশ কৰিবলৈ আৰক্ষীলৈ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ