তৰাডুবিত বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ
কাৰ্বিআংলং, ১৩ জুলাই (হি.স.)। টুম্প্ৰেং তৰাডুবি লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু তপস্যা ডাঞ্চ একাডেমিৰ সহযোগত কালি বিয়লিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ—ছাত্ৰী সকলৰ মাজত ৰাভা সংগীত , জ্যোতি সংগীত , ভূপেন্দ্ৰ সংগীত , চিত্ৰাংকন ,
তৰাডুবিত বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ


কাৰ্বিআংলং, ১৩ জুলাই (হি.স.)। টুম্প্ৰেং তৰাডুবি লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু তপস্যা ডাঞ্চ একাডেমিৰ সহযোগত কালি বিয়লিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ—ছাত্ৰী সকলৰ মাজত ৰাভা সংগীত , জ্যোতি সংগীত , ভূপেন্দ্ৰ সংগীত , চিত্ৰাংকন , কবিতা আৰু আধুনিক নৃত্যৰ ওপৰত বিনামূলীয়া গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবি মহিলা সমিতিৰ চিকামাৰিস্হিত ভৱন প্ৰাংগনত শুভাৰম্ভ কৰা হৈছে ৷

কাইলৈ সামৰণি পৰিবলগীয়া বিনামূলীয়া কৰ্মশালাটোত সংগীতত প্ৰশিক্ষক হিচাপে মিনতি সেনাপতি , কবিতা বাঠাৰী ,ঝৰ্ণা বিশ্বাস , জুনুমাই বড়ো আৰু পুতলা মেধিয়ে ৷ নৃত্যত প্ৰশিক্ষক হিচাপে থাকে উৎপলা হোকাইয়ে ৷ চিত্ৰাংকনত প্ৰশিক্ষণক হিচাপে থাকে সংগীতা ৰাভা আৰু উৰ্মিমালা বৰাই ৷ কবিতাত প্ৰশিক্ষক হিচাপে থাকে অলকা বাঠাৰী , ভাগ্যদেৱী বেপী , ছেৰদিহুন বেপী , বৰ্ষা বৰা , পূজামণি শইকীয়া আৰু বিনিতা লস্কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande