কোকৰাঝাৰৰ ডালোৱাবাৰীত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ টিনপাত বিতৰণ
কোকৰাঝাৰ, ১৩ জুলাই (হি.স.)। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ডালোৱাবাৰী দ্বিতীয় খণ্ড সিন্দুৰীঝোৰা খেল পথাৰত আজি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মাজত টিনপাত বিতৰণ কৰা হয়। টিনপাত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে আদিবাসী কল্যাণ
কোকৰাঝাৰৰ ডালোৱাবাৰীত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ টিনপাত বিতৰণ


কোকৰাঝাৰ, ১৩ জুলাই (হি.স.)। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ডালোৱাবাৰী দ্বিতীয় খণ্ড সিন্দুৰীঝোৰা খেল পথাৰত আজি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মাজত টিনপাত বিতৰণ কৰা হয়। টিনপাত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য আমৃত বেক। লগতে উপস্থিত থাকে গাওবুঢ়া মাতলু মুণ্ডা আৰু ৰুপেন তপ্পো , প্ৰাক্তন আনলা সদস্য উত্তম কিস্কু, প্ৰাক্তন আনলা কল্যাণ সমাজৰ আজিত হাছদা উপস্থিত থাকে।

আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য আমৃত বেকে প্ৰকাশ কৰা মতে কোকৰাঝাৰ আৰু গোসাইগাও মহকুমাৰ আৰ্থিক ভাবে পাছপৰা পৰিয়ালৰ মাজত দুই বান্ডল টিনপাত প্ৰদান কৰে। হিতাধিকাৰী সকল বিশমুৰী, লক্ষীপুৰ,আমগুৰী, নায়েক গাওঁ,সিন্দুৰীঝোৰা,ৰাছী কোৱাৰ্টাৰ,ভুবা কোৱাৰ্টাৰ ,চিৰো লাইন,পুনে লাইন,পাতাৰা লাইন,হাটখোলা আদি গাওৰ ৫০ গৰাকী হিতাধিকাৰীৰ মাজত উক টিনপাত খিনি বিতৰণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande