দৰং, ১৩ জুলাই (হি.স.)। ধুমুহাই তচ নচ কৰিলে দৰং জিলাৰ কলাই গাঁও নিকটৱৰ্তী নেওগ পাৰাৰ মাজগাঁৱৰ কেইবাটাও বাসগৃহ । দেওবাৰে সন্ধিয়াৰ সময়ত অহা কালধুমুহাই তচনচ কৰিলে সকলো ।
ধুমুহাত কোনোমতে ৰক্ষা পৰিল মাজগাঁৱৰ এটা পৰিয়াল । সম্পূৰ্ণৰূপে মাজগাঁও চুবাৰ দ্বীপেন চহৰীয়াৰ বাসগৃহ ধুমুহাই উৰুৱাই লৈ যায়। ফলত কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ লোকসকলৰ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু