গুৱাহাটী, ১৩ জুলাই(হি.স.)। নিৰ্বাচন আয়োগৰ নিৰপেক্ষ ভুমিকাক সন্দেহ প্ৰকাশ কৰি কংগ্ৰেছ দলে আজি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। প্ৰাক্তন সাংসদ ৰিপুন বৰা আৰু নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ মিডিয়া বিভাগৰ তত্বাৱধায়ক চৰণ সিং চাপ্ৰাই আজি নিৰ্বাচন আয়োগ বিজেপি দল আৰু চৰকাৰৰ হাতৰ পুতলা হৈ পৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।
প্ৰাক্তন সাংসদ ৰিপুন বৰাই কয় যে, নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া ক্ষমতা দখল কৰাৰ ব্লপ্ৰিণ্ট ৰচনা কৰিছে। মহাৰাষ্ট্ৰৰ পিছত বিহাৰত আৰু শেহতীয়াকৈ অসমতো নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ সংশোধনীৰ অচিলা লৈ নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে বিৰোধীৰ ভোটাৰ সকলক তালিকাৰ পৰা নাম কৰ্তন কৰাৰ ষড়যন্ত্ৰ কৰিছে।
সংবাদমেলত উপস্থিত থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চৰণ সিং চাপ্ৰাই কয় যে নিৰ্বাচন আয়োগ এতিয়া 'হিজ মাষ্টাৰছ ভইচ’ৰ দৰে হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিধৰণে বিগত ১১ বছৰত এবাৰো সংবাদমেল অনুষ্ঠিত নকৰিলে ঠিক একেই কৌশল অৱলম্বন কৰিছে নিৰ্বাচন আয়োগে। বিহাৰৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ব্যাপক হাৰত ভোটাৰ তালিকা পুনৰ সংশোধনীৰ কাম আৰম্ভ কৰাৰ পূৰ্বে কোনো সংবাদমেল অনুষ্ঠিত নকৰি আয়োগে ৰাইজৰ ওপৰত অগণতান্ত্ৰিকভাবে হেঁচা প্ৰয়োগ আৰম্ভ কৰিছে।
কংগ্ৰেছ নেতাজনে কয়, নিৰ্বাচন আয়োগে নাগৰিকৰ সৈতে লুকা-ভাকু খেলিবলৈ আৰম্ভ কৰিছে। নেতাগৰাকীয়ে নিৰ্বাচন আয়োগক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, ''নিৰ্বাচন আয়োগে তেনে কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে বিভিন্ন পক্ষৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাৰ কাৰণ কি?’’ নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষমতাত অধিষ্ঠিত কৰি ৰখাৰ বাবে সহায় কৰাৰ কাম আৰম্ভ কৰিছে। নাগৰিকক আস্থা আৰু বিশ্বাসত নলৈ নিৰ্বাচন আয়োগে দেশৰ সংবিধানৰ ওপৰতো গৈছে নেকি বুলি তেওঁ প্ৰশ্ন কৰে। লগতে তেওঁ কয় যে আয়োগ সদায় নিৰপেক্ষ আম্পায়াৰ হ’ব লাগে। কিন্তু নিৰ্বাচন আয়োগ বৰ্তমান নিজেই খেলুৱৈ হৈ পৰিছে আৰু চৰকাৰী পক্ষৰ হিজ মাষ্টাৰ্ছ ভইচত পৰিণত কৰিছে।
সংবাদমেলত বিহাৰ আৰু মহাৰাষ্ট্ৰৰ আৰ্হিত অসমতো ভোটাৰ তালিকা পৰিস্কাৰ কৰাৰ নামত কংগ্ৰেছ সমৰ্থক ভোটাৰ সকলৰ নাম ব্যাপকভাৱে কাটি পেলাবলৈ বিজেপিয়ে নিৰ্বাচন আয়োগৰ সহায়ত ষড়যন্ত্ৰ চলাইছে বুলি ৰিপুন বৰাই মন্তব্য কৰে।
তেওঁ কয় যে, অহা নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনত সম্ভাৱ্য পৰাজয়ৰ পৰা হাত সাৰিবলৈ বিজেপিয়ে ভোটাৰ তালিকাত সংশোধনৰ নামত কংগ্ৰেছ, আৰ জে দি তথা সকলো বিৰোধী সমৰ্থকৰ নাম বাদ দিয়াৰ ষড়যন্ত্ৰ চলাইছে।
বিগত ২৪ জুন তাৰিখে ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, ২৫ জুনৰ পৰা ২৬ জুলাইলৈ বিহাৰত ভোটাৰ তালিকাৰ সংশোধনী চলিব। উক্ত পদক্ষেপৰ ফলত বিহাৰৰ ৮ কোটিতকৈ অধিক ভোটাৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰাৰ নামত বহুত ভোটাৰ সময়মতে প্রমাণপত্ৰ প্ৰদান কৰিব নোৱাৰাৰ সম্ভাৱনা থকা বাবে তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ পৰাৰ ভয় দেখা দিছে।
যেতিয়া ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে প্রস্তুত হোৱা ভোটাৰ তালিকাই বৈধ হৈ আছে, সেইবোৰ পুনৰ নিৰিক্ষণ কৰি আপডেট কৰিলে যথেষ্ট হ’ব, তেতিয়াই বিজেপি-ৰ নিৰ্দেশত নিৰ্বাচন আয়োগে ভোটাৰ নাম অন্তৰ্ভুক্তিৰ বাবে যি নথিপত্ৰ বাধ্যতামূলক কৰিছে, তাত আধাৰ কাৰ্ড, ভোটাৰ আইডি বা ৰেচন কাৰ্ডৰ নামো নাই।
এই বিষয়ে কংগ্ৰেছ আৰু কেইবাটাও বিৰোধী দলে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে, আৰু বিগত ১০ জুলাইত তাৰিখে আদালতে নিৰ্বাচন আয়োগক ভোটাৰ আইডি, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
ৰিপুন বৰাই তথ্য দাঙি ধৰি কয় যে, মহাৰাষ্ট্ৰত ২০২৪ৰ এপ্ৰিল-মে মাহত লোকসভা আৰু নৱেম্বৰত বিধানসভা নিৰ্বাচনৰ মাজত কেৱল ৬ মাহৰ ভিতৰত ৪৭ লাখ নতুন ভোটাৰ অন্তৰ্ভুক্ত হৈছিল। য'ত ৫০ টা বিধানসভা সমষ্টিৰ প্ৰতিটোত ৫০ হাজাৰকৈ অধিক নতুন নাম সংযোজন হয় — তাক অনুসন্ধান কৰোঁতে জানিব পৰা যায় যে বিজেপি-সমৰ্থক লোকক সংগঠিতভাৱে আন ৰাজ্যৰ পৰা আনি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা হৈছিল। এই সমগ্ৰ ঘটনাৰ পুনৰাবৃত্তি অসমতো হ'ব পাৰে বুলি বৰাই আশংকা কৰি কয় যে বিজেপিয়ে অসমত ডি ভোটাৰ আৰু বিদেশীৰ সন্দেহত বহু ভোটাৰক ন’টিচ দি ভোটদানৰ অধিকাৰ হৰণ কৰাৰ অপচেষ্টা আৰম্ভ কৰিছে।
লগতে পুনৰ নিৰিক্ষণৰ জৰিয়তে বিজেপিৰ ভেৰোনীয়া কার্যকৰ্তা সকলে ফর্ম ৭ যোগে কংগ্ৰেছ সমৰ্থক লোকৰ নাম স্থানান্তৰ বা নাম বাতিলৰ আবেদন আগবঢ়াব বুলিও তেওঁ আশংকা কৰে। সেয়ে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ইতিমধ্যে ব্লক-স্তৰৰ কৰ্মী সকলক এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে সচেতন হৈ থাকিবলৈ প্ৰশিক্ষণ দিছে। লগতে নিৰ্বাচন আয়োগক বিজেপিৰ এনে অপচেষ্টাত সহযোগ নকৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ