নগাঁও, ১৩ জুলাই (হি.স.)। ৰূপহীহাটৰ জুৰিয়াৰ কলিয়াদিংগা বজাৰত উত্তপ্ত পৰিস্থিতি। ভণ্ড বিজেপি নেতা কাৰাবাস খাটি অহা কামাৰুজ জামান সৰকাৰক গণ প্ৰহাৰ। কিছু দিন পৰ্বে নিজৰ পত্নীক জুৰিয়াৰ কছাৰীগাঁও, গাওঁ পঞ্চায়তৰ সভানেত্ৰী পাতিবলৈ কেইবা গৰাকী ৱাৰ্ড সদস্যক ব্লেকমেইলিং কৰা বুলি অভিযোগ দিছিল এইজন মহাপ্ৰতাপি কামাৰুজ জামান সৰকাৰৰ বিৰুদ্ধে।
তাৰ পৰাই আজিৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে ৰাইজে। জুৰিয়াৰ কলিয়াদিংগা বজাৰ গণ প্ৰহাৰত আহঁত কামাৰুজ জামান সৰকাৰৰ।ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ