দৰং, ১৩ জুলাই (হি.স.): দৰং জিলাৰ দলগাঁৱত অন্তৰ্গত চিকাৰআলিত শনিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু ট্ৰাকৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
উল্লেখ্য যে দূৰ্ঘটনাত বাইক আৰোহীৰ এজন থিতাতে নিহত হয় । ইপিনে আহত আনজন বাইক আৰোহীক স্থানীয়লোকে ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আদবাটতে মৃত্যুক সাৱটি লয় | মৃত আৰোহী দুজন দলগাৱঁৰ কছাৰীপাৰ জংঘল গাৱঁৰ মুন্তাচ আলী আৰু আনজন চেনীমাৰীৰ জাকাৰিয়া বুলি জানিব পৰা গৈছে | সংঘটিত ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ