মহিলা গৰাকীৰ ডিঙি কাটি হত্যাৰ অভিযোগ।
ধুবুৰী, ১৩ জুলাই (হি.স.): গোলকগঞ্জৰ অসম বংগ সীমান্তৰ ছোটগুমাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মহিলাগৰাকী ছোটগুমাৰ মুন্নি চৌধুৰীৰ পত্নী সোনমতী চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীক ডিঙি কাটি হত্যা কৰা হৈছে। শুক্রবাৰ নিশা হত্যা কৰি সোনকোষ বিলত পেলাই দিয়ে হত্যাকাৰীয়ে। অকলশৰীয়া ভাৱে গৃহত থকা মহিলা গৰাকীক কোনে হত্যা কৰি পেলালে সেয়া ৰহস্য জনক।
মহিলা গৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে গুৱাহাটীত। আনহাতে একমাত্ৰ পুত্ৰ থাকে বংগৰ কোচবিহাৰত। অকলে থকাৰ সুযোগত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে। কালি পুৱা মহিলা গৰাকীক গৃহত দেখা নাপাই হুৱাদুৱা লাগে। খবৰ দিয়ে ছোটগুমা আৰক্ষীক। আৰক্ষীয়ে অভিযান চলাই সোণকোষ বিলৰ পৰা কালি বিয়লি উদ্ধাৰ কৰে। কোনে কি কাৰণত হত্যা কৰিলে সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ