ওদালগুৰি, ১৩ জুলাই (হি.স.): ঢেকিয়াজুলিত যোৱা কালি শনিবাৰে নিশা মাতাল যুৱতী এগৰাকীয়ে তাণ্ডৱ চলায়। মাতাল যুৱতীৰ আক্ৰমনত ৰক্তাক্ত হ'ল ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰী । সুৰামত্ত যুৱতীৰ আক্ৰমনত তেজেৰে লুতুৰী পুতুৰী হ'ল ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰী।
সুৰামত্ত যুৱতীয়ে নিজৰ আঙুলীৰ নখেৰে ফালি চিৰাচিৰ কৰিলে গোপাল ষ্টোৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰীক। আৰক্ষীক অশ্লীল গালি গালাজেৰে ৰাজপথ উত্তাল কৰে সুৰামত্ত যুৱতীয়ে। ইয়াকে লৈ ঢেকিয়াজুলিত নিশা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। নিশা ঢেকিয়াজুলি আৰক্ষী থানাতো সন্ত্ৰাসৰ সৃষ্টি কৰে সুৰামত্ত যুৱতীয়ে।
বাতৰি সংগ্ৰহৰ বাবে যোৱা ঢেকিয়াজুলিৰ সাংবাদিক পংকজ মাহাতুক অপদস্ত কৰিলে ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপক দাসে। সাংবাদিকক আৰক্ষী থানাৰ চৌহদৰ পৰা উলাই যাবলৈ ধমকি দিলে অ'চি দিপক দাসে।
উল্লেখ্য যে, গুৱাহাটী মহানগৰী নহয় এইবাৰ ঢেকিয়াজুলিৰ মাজমজিয়াত সুৰামত্ত যুৱতীৰ তাণ্ডৱ। গোপাল ষ্টোৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত শনিবাৰে নিশা এজন যুৱকৰ সৈতে এগৰাকী যুৱতী মদৰ ৰাগীত মাতাল হৈ উপস্থিত হৈ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ব্ৰজগোপাল কুণ্ডু আৰু ব্যৱসায়ী পাৰ্থ প্ৰতীম গোপক দোকানৰ ভিতৰতে মাৰপিট কৰে ।
মদৰ নিচাত মাতাল হৈ যুৱতীগৰাকীয়ে নিজৰ নখেৰে আঁচুৰি বাকুৰি মাৰপিট কৰি প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ব্ৰজগোপাল কুণ্ডু আৰু ব্যৱসায়ী পাৰ্থ প্ৰতীম গোপক আঘাতপ্ৰাপ্ত কৰে।যুৱতীৰ আক্ৰমনত তেজেৰে লুতুৰী পুতুৰী হয় ব্যৱসায়ীক প্ৰতিষ্ঠান খনৰ কৰ্মচাৰী প্ৰাৰ্থ প্ৰতীম গোপ।
ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলটোৱে মাতাল যুৱতীগৰাকীৰ লগতে যুৱকজনক আৰক্ষী থানালৈ সোধপোছৰ বাবে লৈ যাবলৈ চেষ্টা কৰাত মাতাল যুৱতীগৰাকীয়ে আৰক্ষীৰ লগতে ঘটনাস্থলীত ভীৰ কৰা ৰাইজক নানান অশ্লীল ভাষাৰে গালি গালাজ কৰি পৰিৱেশ উত্তাল কৰি তোলে।
আনহাতে বাতৰি সংগ্ৰহ কৰিব যোৱা এনবি নিউজৰ সাংবাদিক পংকজ মাহাতুক অপদস্ত কৰি আৰক্ষী থানাৰ পৰা বাহিৰ হৈ যাবলৈ ধমকি দিয়ে অ'চি দিপক দাসে। অৱশেষত আৰক্ষীয়ে জোৰজবৰদস্তি আৰক্ষী থানালৈ লৈ যায় মাতাল যুৱতীগৰাকীক। লগতে অ'চি দিপক দাসে সাংবাদিকক দুৰব্যৱহাৰ কৰা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ