বিজনীৰ উলুবাৰীত বিটিআৰৰ চৰকাৰৰ হিতাধিকাৰী সন্মিলনত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো
চিৰাং, ১৩ জুলাই (হি.স.)। বিজনীৰ উলুবাৰীত বিটিআৰৰ চৰকাৰৰ হিতাধিকাৰী সন্মিলনত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। বিটিআৰ চৰকাৰৰ অন্তৰ্গত ৪০ টা সমষ্টিত হিতাধিকাৰী সভা অনুষ্ঠিত কৰাৰ লক্ষৰে যোৱা মাহৰ পৰা আৰম্ভ কৰা হিতাধিকাৰী সন্মিলনৰ আজি বিজনীৰ থুৰিবাৰী স
বিজনীৰ উলুবাৰীত বিটিআৰৰ চৰকাৰৰ হিতাধিকাৰী সন্মিলনত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো


বিজনীৰ উলুবাৰীত বিটিআৰৰ চৰকাৰৰ হিতাধিকাৰী সন্মিলনত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো


চিৰাং, ১৩ জুলাই (হি.স.)। বিজনীৰ উলুবাৰীত বিটিআৰৰ চৰকাৰৰ হিতাধিকাৰী সন্মিলনত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।

বিটিআৰ চৰকাৰৰ অন্তৰ্গত ৪০ টা সমষ্টিত হিতাধিকাৰী সভা অনুষ্ঠিত কৰাৰ লক্ষৰে যোৱা মাহৰ পৰা আৰম্ভ কৰা হিতাধিকাৰী সন্মিলনৰ আজি বিজনীৰ থুৰিবাৰী সমষ্টিত অনুষ্ঠিত অন্তিমখন হিতাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰে প্ৰমোদ বড়ো।

উলুবাৰীৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত উক্ত হিতাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কেন্দ্ৰ, ৰাজ্য আৰু কাউঞ্চিল চৰকাৰৰ প্ৰত্যকটো আঁচনি সফল হ'ব লাগে বুলি মন্তব্য কৰে।

আঁচনি সমূহ পাই ৰাইজ আজি আনন্দিত হৈছে।যাৰ বাবে প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় প্ৰমোদ বড়োই।

১৭ বছৰে বিপিএফ চৰকাৰৰ সময়ত কাম-কাজ বিলাক হোৱা নাছিল। আজি বড়োলেণ্ডত , সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় আনিলোঁ।কু-শাসনৰ পৰা সু-শাসন আনিলোঁ।

ইয়াৰ মাজতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কয় যে হাগ্ৰামাই নিজৰ দলৰ মানুহক চেণ্ডেলৰ মালা পিন্ধাম বুলি কৈ আজিলৈ ক্ষমা নুখুজিলে। যাৰ বাবে সিদিনাৰ পৰা বিপিএফৰ মানুহ বিভিন্ন দলত আহি গ'ল।

হাগ্ৰামাই নিজৰ দলৰ মানুহকে সন্মান কৰিব নাজানে। সমষ্টিটোৰ উলুবাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত উক্ত হিতাধিকাৰী সভাত সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীসহ কেবাজনো বিশিষ্ট অতিথি অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande