কোকৰাঝাৰ, ১১ জুলাই (হি.স.)। সমাগত বিটিছি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি হৈছে । এই ক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলো । গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পিছত কংগ্ৰেছ কৰ্মী সকলে নতুন ইন্ধন লাভ কৰা পৰিলক্ষিত হৈছে । সেই হেতুকে কংগ্ৰেছ দলে জিলা ব্লক আদি সমিতিৰ লগতে যুৱ আৰু মহিলা সমিতি সমুহো গঠন কৰা আৰম্ভ কৰিছে । ঠিক তেনেদৰে আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এক সভা অনুষ্ঠিত কৰি ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছৰ যুৱ শাখা গঠন কৰে । ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছৰ যুৱ শাখাৰ সভাপতি হিচাপে জাহাংগীৰ আলী আৰু প্ৰশাসনিক সম্পাদক হিচাপে আয়নাল হক আৰু সাংগঠনিক সম্পাদক হিচাপে ইব্ৰাহিম আলীক বাছনি কৰি ৫১ জনীয়া যুৱ কংগ্ৰেছৰ ব্লক সমিতি গঠন কৰা হৈছে । আজিৰ সমিতি গঠন সভাত উপস্থিত থাকে জিলা সম্পাদক বাহাৰুল ইছলাম , কোকৰাঝাৰ জিলা মিডিয়া ছেলৰ চেয়াৰমেন আব্দুল বাৰেক আহমেদ উপস্থিত থাকে । সভাৰ অন্তত এক সংবাদমেল অনুষ্ঠিত কৰে । উক্ত সংবাদ মেলতেই সমাগত বিটিছি পৰিষদীয় নিৰ্বাচনত ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিজেপিৰ দখলৰ পৰা উদ্ধাৰ কৰিব বুলিও উল্লেখ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ