গুৱাহাটী, ১১ জুলাই (হি.স.)। কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত আজি জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ।
কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মা, পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস, কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰী, জিলা পৰিবহণ বিষয়া ৰাজীৱ কুমাৰ পেগুকে ধৰি জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ, স্বাস্থ্য আদি বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াৰ উপস্থিতিত বৈঠকখন অনুস্থিত হয় । বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ফাঁচী বজাৰৰ পুৰণি জেল চৌহদৰ বেৰবিলাক ভাঙি পৰি পথচাৰীক যাতে বিপদত নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখি বেৰবিলাক শীঘ্ৰে ভাঙি পেলোৱাত গুৰুত্ব আৰোপ কৰে ।আনহাতে জি এম চিৰ চৌপাশত ন' পাৰ্কিং ন' ভেন্দিং এলেকা ঘোষণা, ডিভাইদাৰত সংযোগ হৈ থকা অকৰ্তৃত্বশীল ছাইনবোৰ্ড ভঙা, এন এইছ এ আই আৰু আৰক্ষী একেলগে পথ পাৰ হোৱা ঠাইত অস্থায়ী বেৰিকেড সংযোগ, যোৱা বছৰতকৈ এই বছৰত যাতে দূুৰ্ঘটনা আৰু আঘাতপ্ৰাপ্ত তথা মৃত্যুৰ হাৰ হ্ৰাস কৰা সন্দৰ্ভত আলোচনা কৰা হয় ।
আনহাতে পথ-সুৰক্ষাৰ সৈতে জড়িত সকলো বিভাগকে পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত নিজৰ নিজৰ বিভাগৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী